NORTHEAST NOW (Assamese)

ৰাৱণ বধৰ সংকল্পৰে অগপত ৰাজ অভিষেক কেশৱ মহন্তৰ ভাতৃ মনি মাধৱ মহন্তৰ

March 20, 2019 4:05 pm · কল্পজ্যোতি শইকীয়া
Updated: March 20, 2019 4:25 pm
অগপৰ দলীয় কাৰ্য্যালয়ত মনি মাধৱ মহন্ত

আজি অগপৰ আমবাৰী স্থিত মুখ্য কাৰ্য্যালয়ত সহস্ৰাধিক সমৰ্থকৰে সৈতে অগপত যোগদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই। অগপৰ কৰ্মী সকলে যুৱ নেতাজনক ঢোল-দগৰে দলৰ মজিয়ালৈ আদৰণি জনায়। গুৱাহাটী ক্লাৱৰ পৰা সমৰ্থক সকলৰ সৈতে সমদল কৰি অগপৰ কাৰ্য্যালয়ত উপস্থিত হয় নেতাজন।

উল্লেখযোগ্য যে, ১৯৯৭ চনত আছুত যোগদান কৰি ছাত্ৰ ৰাজনীতিৰ পাতনি মেলা মনিমাধৱ মহন্তই ১৯ বছৰ আছুত সেৱা আগবঢ়াই উপ-সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি চলিত বৰ্ষৰ ১৪ মাৰ্চত আনুষ্ঠানিকভাবে  দলটোৰ পৰা বিদায় লয়।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা অগপ আৰু বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে মহন্তৰ। ইতিমধ্যে সমষ্টিটোত সমৰ্থক সকলে মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে।

অগপত যোগদান কৰি উৎফুল্লিত হৈ পৰা মনি মাধৱ মহন্তই অগপৰ নেতা, কৰ্মীসকলক আন্তৰিক ধন্যাবাদ জ্ঞাপন কৰে। ত্যাগ আৰু সাহস দুয়োটা থকা বাবে অগপত যোগদান কৰা বুলি তেওঁ উল্লেখ কৰি লংকালৈ ৰাৱণ হ’বৰ বাবে নহয় ৰাৱণ বধৰ বাবে যাবলৈ সাজু হোৱা বুলি মন্তব্য কৰে।

আছুৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি মহন্তই দলটোক মাতৃ সংগঠন হিচাপে অভিহিত কৰি নিজে কেতিয়াও জয় আই অসম এৰিব নোৱাৰিলে বুলি কয়। আনহাতে মাত্ৰ দুদিনতে সমষ্টিত কাম কৰি তিনি সহস্ৰাধিক যুৱক-যুৱতীৰ সমৰ্থন লাভ কৰা বুলি উল্লেখ কৰি তেওঁ বিতৰ্কৰ উৰ্দ্ধত থাকি মাতৃ ভূমিৰ সেৱা কৰি যাৱ বুলি প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, অগপত যোগদান কৰাৰ পাছতে দলটোৰ কাৰ্য্যালয় নিজে সাৰি-মচি দলটোৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰিব বুলিও নেতাজনে কয়।

 

সমৰ্থকৰে সৈতে মনি মাধৱ মহন্ত

বহুদিনৰ পাছত অগপলৈ এজন নেতা অহাৰ আনন্দত উৎফুল্লিত হৈ পৰে দলটোৰ সভাপতি অতুল বৰা। অনুষ্ঠানত বৰাই আছুৰ নেতাজনৰ অগপত যোগদানে দলটোৰ শক্তি বহুখিনি বৃদ্ধি কৰা বুলি কয়। তদুপৰি অসম আন্দোলনৰ ফল এতিয়াও অসমবাসীয়ে ভোগ কৰিব পৰা নাই বুলি উল্লেখ কৰি তেওঁ অগপ শক্তিশালী হোৱা মানে অসমৰ জনসাধাৰণ শক্তিশালী হোৱা বুলি মন্তব্য কৰে।

কংগ্ৰেছক দলটোৰ আজন্ম শত্ৰু আখ্যা দি সভাপতি গৰাকীয়ে অগপই সদায় সবল প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰে বুলি কোৱাৰ লগতে পূৰ্বেও কুমাৰ দীপক দাস, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি ভালেসংখ্যক অগপ নেতাই দপ-দপাই আছিল বুলি কয়।

আনহাতে, মণিমাধৱ মহন্তক এগৰাকী অতি শক্তিশালী নেতা আৰু উদীয়মান নেতা বুলি অভিহিত কৰি ডেকা বন্ধু জনৰ অদম্য শক্তিক জাতিৰ স্বাৰ্থত কামত লগাব লাগিব বুলি কয় বৰাই।

সভাপতি অতুল বৰাৰ লগতে ফণীভূষণ চৌধুৰী আৰু সত্যব্ৰত কলিতাকে ধৰি ভালেকেইগৰাকী জেষ্ঠ নেতাই মনি মাধৱ মহন্তক দলৰ মজিয়ালৈ আদৰণি জনায়।

মনি মাধৱ মহন্তৰ সৈতে জনস্বাথ্য বিভাগৰ প্ৰাক্তন অভিযন্তা নিকুঞ্জ দাসকে ধৰি আছু কৰ্মী হৃদয়ানন্দ দাস, অভিজিত দাস, মু্ন্না শৰ্মা, ৰিংকুমণি ডেকা, ৰিদিপ নাথ, শশাংক বৰুৱা, দ্বিগেন বৰুৱা আৰু সহস্ৰাধিক আছু কৰ্মীয়ে আজি অগপত যোগদান কৰে।

Related News