• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপ ত্যাগ : এন পি পিত যোগদান প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱা, অভিনেতা ব্ৰজেন বৰাৰ

অনির্বান পাঠক by অনির্বান পাঠক
March 14, 2019 8:41 pm
2daccc1d-e03e-467c-bfea-f9fe79f6ef76

প্ৰাক্তন মন্ত্ৰী ভবেন বৰুৱা, অভিনেতা ব্ৰজেন বৰাকে ধৰি কেইবাজনেও বৃহস্পতিবাৰে এনপিপিত যোগদান কৰে। ফটো : নৰ্থইষ্ট নাও

441
VIEWS
Share on FacebookShare on Twitter

অগপ-বিজেপিৰ মিত্ৰতাৰ পাছতেই আঞ্চলিক দলটোৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি। দলৰ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পোষকতা কৰা বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত আৱদ্ধ হোৱাৰ পাছত এজনৰ পাছত আনজন নেতাই অগপ ত্যাগ কৰিছে।

বৃহস্পতিবাৰে অসম গণ পৰিষদ ত্যাগ কৰি নেশ্যনেল পিপল’চ পাৰ্টিত যোগদান কৰে অগপৰ এসময়ৰ মন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা ভৱেন বৰুৱাই। এন পি পিৰ গুৱাহাটীৰ কাৰ্যালয়ত দলটোত যোগ দিয়ে জাতীয়তাবাদী নেতাগৰাকীয়ে।

অগপ এৰাৰ পাছতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সংগ ত্যাগ কৰা অগপই দুমাহৰ পাছতেই পুনৰ গেৰুৱা দলটোৰ কাষ চাপি যোৱা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে ভৱেন বৰুৱাই।

তেওঁ কয়, ‘’অগপ-বিজেপিৰ এই মিত্ৰতা প্ৰতাৰণামূলক। অগপ নেতৃত্বই অসমৰ ৰাইজৰ লগতে দলৰ তৃণমূল কৰ্মীসকলক বিশ্বাসঘাতকতা কৰিছে।‘’

তেওঁ লগতে অচিৰেই বহু অগপ-কৰ্মীয়ে দলত্যাগ কৰি এন পি পিত যোগ দিব বুলিও মন্তব্য কৰে।

একেদৰে অগপ এৰি আজি এন পি পিত যোগ দিলে দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা ডিব্ৰুগড় জিলা সমিতিৰ তিনিবাৰৰ সাধাৰণ সম্পাদক শশাংক নেওগেও। তেঁৱো অগপ নেতৃত্বৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

বৃহস্পতিবাৰৰ এই যোগদান অনুষ্ঠানতেই এন পি পিলৈ আহে বিশিষ্ট অভিনেতা ব্ৰজেন বৰাও। অসম আন্দোলনৰ সক্ৰিয় নেতা তথা বিজেপিতো কিছুদিন সদস্য হিচাপে থকা অভিনেতাগৰাকীয়ে সাম্প্ৰতিক প্ৰেক্ষাপটত উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহক অস্তিত্বৰ সংকটৰ পৰা উদ্ধাৰৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, অগপ-বিজেপিৰ মিত্ৰতাৰ পাছতেই ইতিমধ্যে আঞ্চলিক দলটোৰ পৰা ওলাই আহিছে লাচিত বৰদলৈকে ধৰি কেইবাজনো নেতা কৰ্মীয়ে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd