NORTHEAST NOW (Assamese)

চীনৰ সামগ্ৰী একেবাৰে বৰ্জন কৰিব লাগে বুলি নকওঁ; কিয় এইদৰে ক’লে গগৈয়ে?

June 17, 2020 7:17 pm · কল্পজ্যোতি শইকীয়া

চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে তৰুণ গগৈয়ে।

‘কংগ্ৰেছ দলেও বিচাৰিছে চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যাতে চীনে আমাৰ ভাৰতৰ মাটি আগ্ৰাসন কৰিব নোৱাৰে।‘ দিচপুৰস্থিত চৰকাৰী আৱাসত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি ‘চীন আৰু নেপালে সংঘটিত কৰা ঘটনাই আমাক সকলোকে উদ্বিগ্ন কৰিছে’ বুলি মন্তব্য কৰি তেওঁ কয় ‘আমি বিচাৰিছো যাতে কেন্দ্ৰীয় চৰকাৰে কঠোৰভাৱে এইটো মোকাবিলা কৰে।‘

গগৈৰ প্ৰশ্ন ‘নেপালে ক’ৰ পৰা ইমান সাহস পালে? চীনৰ লগত বাৰু আগৰ পৰাই সংঘাত আছিল। নেপালে কেনেকৈ ৰঙা চকু দেখুৱাব পাৰিলে?’

ইপিনে, চীনক যিমান পাৰি গুৰুত্বহীন কৰিব লাগে বুলি সংবাদমেলত মন্তব্য কৰিলেও অৱশ্যে চীনা সামগ্ৰী বৰ্জন কৰাটো ইমান সহজ নহয় বুলি তেওঁ সদৰী কৰে।

‘বহু সামগ্ৰী চীনৰ পৰাই আনে। মোবাইল ফোনৰ পাৰ্টছৰ পৰা আৰম্ভ কৰি অন্যান্য বহু মূল্যবান সামগ্ৰী চীনৰ পৰা আহে। গতিকে মই চীনৰ সামগ্ৰী একেবাৰে বৰ্জন কৰিব লাগে বুলি নকওঁ।‘ এইদৰে কয় গগৈয়ে।

ইপিনে, স্বাভাৱসূলভভাৱে মোদীক সমালোচনা কৰি গগৈয়ে কয় ‘বাকীবিলাকৰ লগত মোদীৰ বুকু ৫৬ ইঞ্চি হয় আৰু চীনৰ লগত ২৬ ইঞ্চি হয়।‘

Related News