কংগ্ৰেছত যোগ দিব অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে

PTaH0O6d

এম জি ভি কে ভানু। ফটো : টুইটাৰ

ভাৰতীয় প্ৰশাসনীয় সেৱা অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পদৰ পৰা যোৱা বছৰ অৱসৰ গ্ৰহণ কৰা এম জি ভি কে ভানুৱে কংগ্ৰেছত যোগদান কৰিব। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ভানুৱে অহা ১১ ফেব্ৰুৱাৰিত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰাটো নিশ্চিত হৈছে।

জানিব পৰা মতে, তেজপুৰ লোকসভা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা পুহি ৰখা ভানুৱে যোৱা মাহত নতুন দিল্লীতো প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈক লগ ধৰিছিল।

উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে দক্ষিণ ভাৰতৰ প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে অৱসৰৰ পাছত তেওঁ তেজপুৰতে থাকিব আৰু ৰাজহুৱা জীৱনৰ সৈতে জড়িত হৈ পৰিব।

তেজপুৰত থকা কালীন এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে চহৰখনৰ উন্নয়নত যথেষ্ট অৰিহনা যোগোৱা ভানুৱে সেয়েহে তেজপুৰৰ পৰাই তেওঁৰ ৰাজনৈতিক জীৱনৰ শুভাৰম্ভ কৰিব।

এগৰাকী দক্ষ আমোলা হিচাপে সুনাম থকা ভানুৱে অসমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ বিষয়টোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। দুৰ্নীতিগ্ৰস্ত তলতীয়া বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে সংবাদ মাধ্যমতো চৰ্চা লাভ কৰা ভানুৰ ৰাজনীতিত যোগদানৰ বাতৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

আনহাতে, অৱসৰগ্ৰহণৰ পাছতে ৰাজনীতিত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছিল যদিও বহুতে ভানুৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনাহে ব্যক্ত কৰিছিল। অৱশ্যে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভানুৱে অৱশেষত কংগ্ৰেছত যোগদান কৰাৰ বাবে সাজু হৈছে।