কিয় ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত?

index-2-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো।

চলিত বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত।

প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত বৰ্তমান নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকাৰ বাবেই ভোটদানৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে।

প্ৰফুল্ল মহন্তৰ ভোটকেন্দ্ৰ নগৰ সদৰ সমষ্টিত আছে আৰু এইবাৰ তেওঁক ভোটকেন্দ্ৰত ভোটদান কৰা ৰাইজে দেখিবলৈ নাপালে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ আন লোকসকলকো ভোটকেন্দ্ৰটোত ভোটদান কৰা দেখা পোৱা নগ’ল।

আনহাতে, ২০১৯ৰ লোকসভা নিৰ্বাচনত আঞ্চলিক জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ভোটদানৰ পৰা বিৰত আছিল।

ইয়াৰ পূৰ্বে যোৱা ৮ মাৰ্চত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল।

সেইদিনা নিশা সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ডঃ জয়শ্ৰী গোস্বামী মহন্তই।

উল্লেখ্য যে অগপই প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ সমষ্টি বঢ়মপুৰক বিজেপিক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিয়ে। ইয়াৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল আৰু দিল্লীত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পৰিয়ালৰ সৈতে গুৱাহাটী উপস্থিত হৈছিল।

গুৱাহাটী উপস্থিত হৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসম গণ পৰিষদ (প্ৰগতিশীল) দলক পুনৰ সক্ৰিয় কৰি কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰতা স্থাপন কৰি বঢ়মপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

অৱশ্যে ৮ মাৰ্চৰ নিশা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাতো নিশ্চিত।

নিজে প্ৰতিষ্ঠা কৰা অগপৰ বৰ্তমানৰ নেতৃত্বই জাতিৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছিল পত্নী জয়শ্ৰী গোস্বামী মহন্তই।

জয়শ্ৰী গোম্বামী মহন্তই সংবাদ মাধ্যমৰ আগত অগপৰ বৰ্তমান নেতৃত্বক বিশেষকৈ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক ক্ষুৰধাৰ সমালোচনাও কৰিছিল।

স্মৰ্তব্য যে ১৯৮৫-৯০ আৰু ১৯৯৬-২০০১ চনলৈ দুটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা একাৰাহে সাতটা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল।