চিকিৎসালয়ৰ বিচনাৰ পৰা আবেগ গধূৰ ভাষাৰে অডিঅ’ বাৰ্তা তৰুণ গগৈৰ

গগৈৰ মুখত সমাজ সেৱা কৰাৰ ইচ্ছাৰ প্ৰসংগ, ৰাইজৰ পৰা আশীষ বিচাৰিলে গগৈয়ে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ কোঠাৰপৰা প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজলৈ এটা অডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে।

‘আজি মই প্ৰথমবাৰৰ কাৰণে সংবাদমেল অনুষ্ঠিত কৰিছো। মই এতিয়াৰে পৰা সমাজ সেৱাৰ কামত আগবাঢ়িব বিচাৰিছো। মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। ৰাইজে মোক সদায় মৰম কৰিব। সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ নোপোৱাহেঁতেন মই এই কাম কৰিব নোৱাৰিলোহেঁতেন।‘ আৱেগ গধুৰভাৱে থোকা-থুকি মাতেৰে এনেদৰে কয় গগৈয়ে।

‘মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। তিতাবৰবাসী আৰু যোৰহাটবাসীয়ে মোক মৰম কৰি আছেই। ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, কৃষক, চাহ শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা যিটো মৰম পাই আছো সেয়াই মোৰ জীৱনৰ সফলতাৰ মূল মন্ত্ৰ। এই মুল মন্ত্ৰ লৈয়ে মই কাম কৰি যাম।‘ গগৈয়ে এইদৰে লগতে কয়।

উল্লেখযোগ্য যে, সম্প্ৰতি GMCH ৰ ICU ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

দেওবাৰে নিশা প্ৰায় ১০:৩০ বজাত দেহত অক্সিজেন ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বৃদ্ধি পাইছিল এম’নিয়া আৰু কাৰ্বন ডাই অক্সাইড।

তাৰ পাছতে তেওঁক চিকিৎসাৰ বাবে নিয়া হৈছিল GMCH লৈ। GMCH ৰ NON INVANSIVE VENTILATION ত ৰখা হৈছিল গগৈক।

সোমবাৰৰ দিনটোত গগৈৰ মৃত্যু হোৱা বুলি ভুৱা খবৰ বিয়পিছিল SOCIAL MEDIA ত।

দীৰ্ঘদিনৰ মূৰত  ২৫ অক্টোৱৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

উল্লেখযোগ্য যে, তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনাত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছিল। কৰোনাৰ পৰা মুক্ত হোৱাৰ পাছতো দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।