সোণোৱাল-হিমন্তৰ বাবে বিশ্বনাথৰ কাণ্ড সংঘটিত হৈছে : লাংলাৰ নিৰ্বাচনী সভাত তৰুণ গগৈ

608fad49-f6d7-48dd-9c63-f8fea01ea59a

বৰপেটাৰ লাংলাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভাষণ দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ফটো : নৰ্থইষ্ট নাও

“মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচটনিমূলক মন্তব্যৰ বাবে বিশ্বনাথ চাৰিআলি কাণ্ড সংঘটিত হৈছে ৷” এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ৷ আজি বৰপেটাৰ লাংলাত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত এই মন্তব্য কৰে গগৈয়ে ৷

গগৈয়ে কয় যে, কংগ্ৰেছৰ দিনত মাংসকলৈ অসমত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল ৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিশ্চুপ ভূমিকা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচটনিমূলক মন্তব্যৰ বাবে বিশ্বনাথ চাৰিআলিত একাংশ লোকে এগৰাকী মুছলমান লোকক শাৰীৰিকভাবে অত্যাচাৰ কৰি লোকজনক গাহৰিৰ মাংস খুৱাবলৈ বাধ্য কৰাইছে ৷

লাংলা বজাৰ প্ৰাংগনত দিনৰ প্ৰায় ১:৩০ বজাৰ পৰা অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে, বিজেপি দলে মুছলমান লোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সোচ্চাৰ হৈ গগৈয়ে কয় যে, ২০১৪ৰ নিৰ্বাচনৰ সময়ত মোডীয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ প্ৰতিশ্ৰুতি পূৰণত মোডী ব্যৰ্থ হোৱা বাবে বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি আৰম্ভ কৰিছে ৷

৬ নং বৰপেটা লোকসভা সমষ্টিৰ  কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থনত অনুষ্ঠিত এই সভাখনত গগৈয়ে লগতে কয়, এ আই য়ু ডি এফৰ উত্থান হ’লে বিজেপিৰো উত্থান হয় বাবে এ আই য়ু ডি এফ দলৰ নামলৈ বিজেপি দলে নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা ৰচিছে ৷

সভাখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংখ্যালঘু মৰ্চাৰ সমন্বয়ক হাচিফ আমিন, বিধায়ক আব্দুল হাই নাগৰীৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকেও ভাষণ প্ৰদান কৰে ৷

ইপিনে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত “কেব” সন্দৰ্ভত গগৈয়ে কয় যে, বিজেপিয়ে ইস্তাহাৰত  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি স্পষ্টকৈ কোৱাৰ  পিছত এতিয়া “কেব” ওপৰত অগপৰ মৌনতাত অগপ দলৰ ভ্ৰষ্টাচাৰী চৰিত্ৰ প্ৰকাশ পাইছে ৷

ৰাজ্যৰ ১৪ খন লোকসভাৰ আসনৰ ভিতৰত ১০ খনত কংগ্ৰেছ দল জয়ী হ’ব বুলিও গগৈয়ে মত ব্যক্ত কৰে।