NORTHEAST NOW (Assamese)

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি

November 23, 2020 10:49 am · কল্পজ্যোতি শইকীয়া
জিএমচিএইচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

অধিক বেয়াৰ দিশে গতি কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। তেওঁৰ অৱস্থা এতিয়া অত্যন্ত সংকটজনক। সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই।

অৱশ্যে, এই বিষয়ে তেওঁ অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে সংবাদ মাধ্যমৰ আগত।

গগৈৰ দেহত বৃদ্ধি পাইছিল পটেছিয়াম। গতিকে কালি বিয়লি প্ৰায় ৩:৩০ বজাৰ পৰা তেওঁৰ দেহৰ পৰা পটাছিয়াম বাহিৰ কৰিবৰ বাবে ৬ ঘণ্টাৰ বাবে কৰা হৈছিল ডায়লেচিছ।

ইতিমধ্যে, কালিয়ে জিএমচিএইচত পিতৃৰ কাষত উপস্থিত হৈছে পুত্ৰ গৌৰৱ গগৈ, জিয়ৰী চন্দ্ৰিমা গগৈ আৰু বোৱাৰী এলিজাবেথ কলবাৰ্ণ।

ইপিনে, জিএমছিএইচৰ চৌহদত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে ৰাজ্যৰ চৌদিশে চাকি-বন্তি জ্বলাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ হৈ সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

উল্লেখযোগ্য যে, কালি ৰাতিপুৱা অলপ সময়ৰ বাবে চকু মেলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

উল্লেখযোগ্য যে, শনিবাৰে নন ইনভেনচিভ ভেন্টিলেশ্যনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটা বাবে মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেশ্যনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ।

শনিবাৰে আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছিল। গগৈৰ কিডনী, হৃদপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছিল।

কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিডনী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে।

কিন্তু সম্প্ৰতি অতি সংকটজনক অৱস্থাত তৰুণ গগৈৰ স্বাস্থ্য।

Related News