ৰাজ্যসভাৰ সদস্যপদ কিয় গ্ৰহণ কৰিলে সেয়া শপত লোৱাৰ পিছতহে ৰাজহুৱা কৰিব ৰঞ্জন গগৈয়ে

Capture

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফাইল ফটো

সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে। এই খবৰ ওলোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত।

এই প্ৰসংগত নিজৰ মত প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে। ৰাজ্যসভাৰ সদস্যপদ লোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত গগৈয়ে শপত লোৱাৰ পিছতহে ইয়াৰ উত্তৰ দিব বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘হয়তো মই বুধবাৰে দিল্লী যাব পাৰো। মোক শপত ল’ব দিয়ক, তাৰ পিছত বিস্তৃতৰূপত সংবাদ মাধ্যমক কম কিয় মই ৰাজ্যসভাৰ সদস্যপদ গ্ৰহণ কৰিলো’।

মন কৰিবলগীয়া যে ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাৰ প্ৰসংগত কংগ্ৰেছৰ লগতে একাংশ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰঞ্জন গগৈক সমালোচনা কৰিছে।

উল্লেখ্য যে ২০১৯ চনৰ ১৭ নৱেম্বৰৰ দিনটোত ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

অৱসৰৰ পূৰ্বে তেওঁৰ অধ্যক্ষতাত গঠিত বিচাৰপীঠে অযোধ্যা ভূমি বিবাদ গোচৰৰ ঐতিহাসিক ৰায়দানৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় দিছিল।

কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় চৰকাৰৰ পক্ষত যোৱা বাবে ৰঞ্জন গগৈক পুৰস্কাৰ হিচাপে ৰাজ্যসভালৈ পঠোৱা হ’ল নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।