অগপৰ সাধাৰণ পৰিষদৰ বৈঠক অবিহনে বিজেপিৰে মিত্ৰতা : অন্ধকাৰত প্ৰফুল্ল কুমাৰ মহন্ত

WhatsApp-Image-2019-03-13-at-4.50.37-PM

অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত নগাঁওত সাংবাদিকৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বক্তৱ্য ৰাখিছে।

মঙলবাৰে মাজনিশা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অগপ আৰু বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত দুয়োটা দলে আগন্তুক নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দুয়োটা দলে কংগ্ৰেছক পৰাজিত কৰাৰ স্বাৰ্থত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

ইপিনে, অগপ সভাপতি অতুল বৰাই কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থতে পুনৰবাৰ মিত্ৰজোঁটত অগপ চামিল হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মঙলবাৰে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বুধবাৰে কয় যে অন্য দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ পূৰ্বে দলৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰাৰ প্ৰয়োজন।

কিন্তু অগপ দলৰ সাধাৰণ পৰিষদৰ সভাত কোনো আলোচনা নোহোৱাকৈয়ে মঙলবাৰে পুনৰ বিজেপিৰে মিত্ৰতা গঢ়ি উঠাক লৈ দলৰ অভ্যন্তৰ আৰু তৃণমূল কৰ্মীৰ মাজত যে বিদ্ৰোহৰ সূত্ৰপাত নহ’ব তাক নুই কৰিব নোৱাৰি।

আনহাতে,  অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মঙলবাৰৰ আলোচনা সম্পৰ্কেও অৱগত নহয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী ৷ প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই অগপ দলে বিজেপিৰে মিত্ৰতা সন্দৰ্ভত অৱগত নাই কৰা বুলি উল্লেখ কৰি কয় যে দলৰ মজিয়াত বিষয়টো পুনৰ বিবেচনা কৰি লোকসভা নিৰ্বাচনত অগপই অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে।

মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ বিৰোধিতা পুনৰবাৰ স্পষ্ট কৰাৰ লগতে এই বিধেয়কে ত্ৰিপুৰীসকলৰ দৰে অসমীয়াকো এদিন সংখ্যালঘুত পৰিণত কৰিব বুলি উল্লেখ কৰে ৷ আনহাতে, প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যপাল হ’ব বিচৰাটো এটা অপপ্ৰচাৰ, আনকি মহন্ত পত্নী জয়শ্ৰী গোস্বামী মহন্তয়ো কোনো প্ৰাৰ্থিত্ব বিচৰা নাই বুলি কোৱাৰ লগতে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বেই এইধৰণৰ অপপ্ৰচাৰ হয় বুলি উল্লেখ কৰে প্ৰফুল্ল মহন্তই ৷