গুৱাহাটীত পাতিদাৰ নেতা হাৰ্দিক পেটেলৰ সৈতে প্ৰফুল্ল মহন্তৰ ৰুদ্ধদ্বাৰ বৈঠক

Mahanta and Hardik

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু হাৰ্দিক পেটেল।

নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপনত চৰকাৰ ব্যৰ্থ হোৱাৰ পাছত অসমৰ ৰাইজ, দল-সংগঠনে আনন্দ-উল্লাস কৰি থকাৰ মাজতে উত্থাপিত হৈছে এটা প্ৰশ্ন। বিধেয়ক বিৰোধী আন্দোলন অন্ত হোৱাৰ পাছত অগপ পুনৰ বিজেপিৰে মিত্ৰতালৈ উভতি যাব নেকি?

এই প্ৰশ্নৰ কোনো উত্তৰ নোলাওঁতেই অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দেখা গ’ল বিজেপিৰ বিৰূদ্ধে সৱল স্থিতি লোৱা দেশৰ এজন যুৱ নেতাৰ সৈতে একেলগে।

গুজৰাটৰ বিজেপি চৰকাৰৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা পাতিদাৰ সম্প্ৰদায়ৰ যুৱনেতা হাৰ্দিক পেটেলৰ সৈতে ১৬ ফেব্ৰুৱাৰিত এক অনুষ্ঠানত মিলিত হ’ল প্ৰফুল্ল কুমাৰ মহন্ত। অসম ভ্ৰমণৰত বৰ্তমানৰ দেশৰ আগশাৰীৰ যুৱনেতাজনৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকতো মিলিত হ’ল একালৰ ছাত্ৰনেতা মহন্ত।

গুৱাহাটীৰ সমীপৱৰ্তী মেঘালয়ৰ ৰি-ভইৰ ন-মাইলস্থিত য়ুনিভাৰ্চিটি অব ছায়েন্স এণ্ড টেকন’লজি, মেঘালয় (য়ু এচ টি এম)ত অনুষ্ঠিত ৬ষ্ঠ নৰ্থ-ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছৰ ‘যুৱ প্ৰজন্ম, ৰাজনীতি আৰু দুৰ্নীতি’ শীৰ্ষক বক্তৃতানুষ্ঠানত ভাগ ল’বলৈ উত্তৰ-পূবলৈ আহিছিল হাৰ্দিক পেটেল। এই অনুষ্ঠানতেই উপস্থিত আছিল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও।

হাৰ্দিকে ভাষণৰ সময়ত মহন্তক উদ্দেশ্যি “দেশৰ ছাত্ৰ ৰাজনীতিক এসময়ৰ এজন আগশাৰীৰ নেতা, যিয়ে অসম আন্দোলনৰ দৰে আন্দোলনৰ নেতৃত্ব দিছিল, তেওঁ আমাৰ জ্যেষ্ঠ” বুলি সম্বোধন কৰে। নিজৰ ভাষণ প্ৰসংগত পেটেলে নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপিৰ চৰকাৰৰ তীব্ৰ সমালেচনা কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰাৰ পাছত দুয়োগৰাকী নেতাই বৈঠকত মিলিত হয়। কিছুসময়ৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত দুয়োগৰাকী নেতাই য়ু এছ টি এমৰ অনুষ্ঠানটোৰ পৰা প্ৰস্থান কৰে।

উল্লেখ্য যে, ২০১৫ চনত গুজৰাটৰ পাতিদাৰ সম্প্ৰদায়ৰ সংৰক্ষণৰ বিষয় লৈ হাৰ্দিক পেটেলে নেতৃত্ব দিয়া আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। এই আন্দোলনে ৰাজ্যখনত বিজেপিক এক প্ৰকাৰ সমস্যাতো পেলাইছিল। গুজৰাটৰ শেহতীয়া বিধান সভা নিৰ্বাচনত তেওঁ লৈছিল বিজেপিৰ বিৰুদ্ধে উল্লেখনীয় ভূমিকা।

ইপিনে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা আন্দোলনত অসম গণ পৰিষদৰ ভূমিকা উল্লেখনীয়। অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিব নেকি বুলি প্ৰশ্ন উঠাৰ সময়তে বিজেপি বিৰোধী হাৰ্দিক পেটেলৰ সৈতে মহন্তৰ এই ৰুদ্ধদ্বাৰ বৈঠকে আন কিবা নতুন ৰাজনৈতিক সমীকৰণৰ বাট মুকলি কৰিব নেকি সেই কথাও চৰ্চিত হৈছে।