প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ ৰাজ্যখনৰ বহুকেইগৰাকী নবীন-প্ৰবীণ শিল্পীৰ

E3W00XFVgAAWYND

ফটো সৌজন্য: টুইটাৰ।

অসমীয়া চলচ্চিত্ৰ সমাজৰ সদস্যসকলৰ লগতে বহুকেইগৰাকী নৱীন-প্ৰৱীণ শিল্পীয়ে গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি এক সৌহাৰ্দপূৰ্ণ সাক্ষাৎ কৰে।

বৈঠকৰ সময়ছোৱাত সাংস্কৃতিক জগতৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়।

আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা শিল্পীসকলৰ মাজত কেইবাগৰাকীও অসমীয়া চলিচ্চিত্ৰ জগতৰ তাৰকা উপস্থিত আছিল।

মৃদুলা বৰুৱা, পাপন, যতীন বৰা, মালবিকা বৰা, ভূপেন উজীৰ, প্ৰাঞ্জল শইকীয়া আদিকে ধৰি বহুকেইগৰাকী নৱীন-প্ৰৱীণ শিল্পী বৈঠকত উপস্থিত থাকে।

আনহাতে, আজি বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মিলিত হয় জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘বেহৰবাৰী আউটপ’ষ্ট’ৰ সদস্যকল।

প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰাজ্যখনৰ সাংস্কৃতিক তথা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ এক মধুৰ সম্পৰ্ক আছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আছুত থকা দিনৰে পৰাই ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে তেওঁৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট ৰাখিছে।

আনহাতে, নিজৰ সুকীয়া ব্যক্তিত্বৰ বাবেই ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ মাজত সোণোৱালৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।