প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ৰিপুন বৰাৰ ৰাজীৱ ভৱনত সংবাদমেল

নতুনৰ কান্ধত দলটোক তুলি দি আগ বাঢ়ি যোৱাৰ সংকল্প; ৭০ শতাংশ দলীয় নেতৃত্বৰ দায়িত্ব দিয়া হ'ব যুৱ প্ৰজন্মক

TarunGogoi_RipunBora

ৰাজীৱ ভৱনত যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ১১ আগষ্টত।

দুদিন আগলৈকে কংগ্ৰেছৰ মজিয়াত থকা একাধিক নেতাই আজি বিজেপিত যোগদান কৰাৰ কেইঘণ্টামানৰ পিছতে ৰাজীৱ ভৱনত যুটীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

সংবাদমেলত দুয়োজন নেতাই এই বিপৰ্য্যয়তো হতাশ নোহোৱা বুলি দাবী কৰে।

দুয়োজন নেতাৰ বক্তব্যত শুনা গ’ল নতুনৰ কান্ধত দলটোক তুলি দি আগ বাঢ়ি যোৱাৰ সংকল্প।

“আমি হতাশ হোৱা নাই, কিয়নো ক্ষমতালোভীসকলহে বিজেপিলৈ গৈছে। আৰু দুই-চাৰিজন যাব বিজেপিলৈ, সেইকেইজনো যোৱাই ভাল”, গগৈৰ মন্তব্য।

তেওঁ কংগ্ৰেছত গৰাখহনীয়া হোৱা নাই বুলি দাবী কৰে।

বিজেপিলৈ যোৱা প্ৰাক্তন সতীৰ্থ ভুৱনেশ্বৰ কলিতা আৰু গৌতম ৰয়, দুয়োকে কঠোৰ সমালোচনাও কৰিলে গগৈয়ে।

“ভুৱনেশ্বৰ কলিতা আৰ্টিফিচিয়েল নেতা। তেওঁক দেৰিকৈ হ’লেও বুজি পালো। তেওঁ কংগ্ৰেছৰ খাই খাই নোদোকা হৈ গৈছিল”, প্ৰাক্তন সতীৰ্থক কটাক্ষ তৰুণ গগৈৰ।

আনপিনে গৌতম ৰয়ক কটাক্ষ কৰি কয়, “গৌতম ৰয় আমাৰ লগত থাকোতে দুৰ্নীতিপৰায়ণ, এতিয়া সত্যনাৰায়ণ।”

স্বাৰ্থপৰ, লুভীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰিবলৈ আহ্বান জনাই গগৈয়ে কয় “আমি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে যুৱ প্ৰজন্মক তেওঁলোকৰ ঠাইত দায়িত্ব দিম।”

তেওঁ ভুৱনেশ্বৰ গ’লেও দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অলপতে কংগ্ৰেছত যোগদান কৰা বাবে উৎসাহিত হোৱা বুলি কয়।

“বিজেপিলৈ যোৱাসকলক পাছত কংগ্ৰেছলৈ ঘূৰি আহিবলৈ নিদিওঁ” বুলিও মন্তব্য কৰে গগৈয়ে।

ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো একেই সুৰত কয়, “আমাৰ কোনো গৰাখহনীয়া হোৱা নাই। দল এৰি বিজেপিলৈ যোৱাসকলে কোনো অনুগামী লগত লৈ যাব পৰা নাই”।

“ভুৱনেশ্বৰ কলিতাই বিজেপিৰ কেৱল কেন্দ্ৰীয় মন্ত্ৰী এজনৰ ওচৰতহে বিজেপিত যোগদান কৰিছে।” বুলি কটাক্ষ কৰি বৰাই কয়, “যিসকল বিজেপিত গৈছে গ’ল, আৰু যায় যদিও যাব পাৰে”।

তেওঁৰ দাবী, ধানৰ পটান বোৰ কংগ্ৰেছৰ পৰা উৰি গৈছে। প্ৰকৃত ধানবোৰ কংগ্রেছতে আছে। এতিয়াও আদৰ্শৱান নেতাসকল কংগ্রেছতে আছে।

“নতুন প্ৰজন্মক সুযোগ দিয়া হ’ব নেতৃত্ব ল’বলৈ।  ৭০ শতাংশ দলীয় নেতৃত্বৰ দায়িত্ব দিয়া হ’ব যুৱ প্ৰজন্মক”, দেওবাৰে কংগ্ৰেছৰ ক’ৰ কমিটিৰ বৈঠকৰ এই সিদ্ধান্ত বুলি জানিবলৈ দি ৰিপুণ বৰাই কয়।

সংবাদমেলত তৰুণ গগৈয়ে চৰকাৰখনৰ কামকাজকো সমালোচনা কৰে।

”স্কুল শিক্ষকৰ সমস্যাত গুৰুত্ব দিয়া নাই, চাহ শ্ৰমিকৰ ৩৫০ টকা মজুৰি ক’ত দিলে? বিভিন্ন জাতি-জনগোষ্ঠীক আমি দিয়া সাহায্যৰ তুলনাত আধা দিছে। কি উন্নয়ন হৈছে অসমৰ যিকোনো ক্ষেত্ৰত?”  গগৈৰ প্ৰশ্ন।