• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছক নেতৃত্ব দিব পৰা গ্ৰহণযোগ্য নেতাৰ অভাৱ : অকপট স্বীকাৰোক্তি তৰুণ গগৈৰ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 27, 2019 7:50 pm
Rahul-Gandhi-CWC-Meeting-After-Lok-Sabha-Election-Results-2019-644x362

২৫মে'ত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক। ফটো সৌজন্য: কংগ্ৰেছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেৰাহে দুবাৰকৈ বিপৰ্যয়ৰ সন্মুখীন হ’ল কংগ্ৰেছ। ইয়াৰ পাছতেই ৰাহুল গান্ধীয়ে সভাপতি পদ ত্যাগৰ প্ৰস্তাৱ আগবঢ়ায় যদিও এই প্ৰস্তাৱত সন্মতি জনোৱা নাই কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে।  কিন্তু ৰাহুল গান্ধীৰ পদত্যাগৰ প্ৰস্তাৱত সন্মতি নজনোৱাতো দলটোত গান্ধী পৰিয়ালৰ নেতৃত্ব অব্যাহত ৰখাৰ কৌশল বুলিও বহুতেই ক’ব বিচাৰে।

নিৰ্বাচনৰ ফলাফলৰ পাছতেই পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ বিষয়টো চৰ্চাত থকাৰ সময়তে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আগবঢ়াইছে বিপৰীত মন্তব্য। গগৈৰ মতে ‘ৰাহুল গান্ধী নহ’লে যোগ্য নেতা কোন আছে?’

সোমবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে। যি মন্তব্যত প্ৰকাশ পাইছে তৰুণ গগৈয়ে ৰাহুল গান্ধীকেই দলটোৰ নেতৃত্বত থকাটো বিচাৰে।

তৰুণ গগৈৰ মতে কংগ্ৰেছক নেতৃত্ব দিব পৰা সকলোৰে গ্ৰহণযোগ্য নেতা দলটোত নাই। দলটোৰ পৰিয়ালকেন্দ্ৰিক চৰিত্ৰক লৈ হোৱা চৰ্চা সন্দৰ্ভত গগৈয়ে কয়, ‘’পৰিয়ালকেন্দ্ৰিক বুলি নহয়, এতিয়া তেওঁলোকৰ (নেহৰু-ইন্দিৰা গান্ধীৰ পৰিয়াল) বাদে কোন আছে। সিন্ধিয়াৰ কথা ওলাইছিল, কিন্তু তেওঁ নিজেই দেখোন হাৰি থাকিল।‘’

গগৈয়ে লগতে কয়, ‘’সেই পৰিয়ালটোৰ সমান কাৰ গ্ৰহণযোগ্যতা আছে? ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী বা ৰাহুল গান্ধীৰ সমান জনপ্ৰিয়তা কোনেও অৰ্জন কৰিব পৰা নাই। মহাত্মা গান্ধীৰ পাছতেই সমগ্ৰ দেশত নেহৰু পৰিয়ালৰ সমান প্ৰভাৱ কাৰো নাই। চৰ্দাৰ বল্লভ ভাই পেটেলো আমাৰ নেতা আছিল কিন্তু তেওঁক কিমান মানুহে জানে?’’

নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত ৩৭ শতাংশ ভোট পাওতেই ছুনামি বুলি কোৱা হৈছে, কিন্তু ৰাজীৱ গান্ধীয়ে ৪৯ শতাংশ পাইছিল অৰ্থাৎ মোদীতকৈ বহুত বেছি ভোট পাইছিল। ‘’মোদীয়ে ৩৭ শতাংশ ভোট পোৱাত ছুনামি কেনেকৈ হ’ল? ভাৰতবৰ্ষৰ অধিকাংশ মানুহেই দেখোন তেওঁৰ বিৰুদ্ধে ভোট দিলে,’’-গগৈয়ে কয়।

এতিয়ালৈ লাভ কৰা ভোটৰ পৰিমানেৰে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীক নৰেন্দ্ৰ মোদীয়ে চেৰ পেলাব পৰা নাই বুলি উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে মোদীক সকলোতকৈ জনপ্ৰিয় নেতা বুলি প্ৰতিষ্ঠাহে কৰিব বিচৰা হৈছে। তেওঁ লগতে প্ৰধান মন্ত্ৰী মোদীক ‘মাৰ্কেটিং এক্সপাৰ্ট’ বুলি অভিহিত কৰে।

শেহতীয়াভাৱে যোৱা ২৫ মে’ত নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক সম্পৰ্কেও জানিবলৈ দিয়ে তৰুণ গগৈয়ে। ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ শোচনীয় পৰাজয়ৰ পাছত একাংশ জ্যেষ্ঠ নেতাৰ ওপৰত এই বৈঠকতেই অসন্তুষ্টি ব্যক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।

তেওঁ লগতে কংগ্ৰেছৰ পুনৰ গঠন কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও কয়। অসমতো দলটোক পুনৰগঠন কৰি ৰাইজৰ মাজলৈ নিব লাগিব বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd