মোদীয়ে সকলোকে ৰাম ঠগন দিছে : তৰুণ গগৈ

প্ৰধান মন্ত্ৰীয়ে চুকাফা আৰু কনকলতাৰ নাম লোৱাৰ অধিকাৰ নাই : গগৈ

Tarun-Gogoi-press-meet-750x375

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফাইল ফটো

‘মোদীয়ে সকলোকে ৰাম ঠগন দিছে।‘ আজি গুৱাহাটীৰ হোটেল ৰিভিয়াৰাত এক সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰধান মন্ত্ৰীক কটাক্ষ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

আনহাতে, কালি মোদীয়ে দুখনকৈ ৰাজহুৱা সভাত ভাষণ দি অসমৰ জনসাধাৰণক পুনৰ আভুৱা ভাৰিলে বুলিও সংবাদমেলত মন্তব্য কৰে গগৈয়ে।

‘’কালি নিৰ্বাচনী সভা নাটক আছিল। কেৱল ফুলজাৰি মাৰিলে। ভাৰতবৰ্ষৰ ৰাইজক দিয়া আশ্বাস পূৰণ কৰাত মোদী সম্পূৰ্ণ ব্যৰ্থ হৈছে,‘’- সংবাদমেলত গগৈয়ে কয়।

ইপিনে, লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদীয়ে ভাৰতৰ প্ৰত্যেকগৰাকী লোকৰ একাউন্টত ১৫ লাখ টকাকৈ জমা হ’ব বুলি কৈছিল। তদুপৰি, নিৱনুৱা সমস্যা সমাধান, বস্তুৰ দাম কমাই দিব বুলি কৈছিল আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব বুলি মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ কথা উনুকিয়াই দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘’চাহৱালাই ক’লে বাগানৰ মজুৰি ৩৫০ টকা কৰি দিম। আনকি সৰ্বানন্দক ভোট দিয়ক সৰ্ব আনন্দ কৰি দিম। পাঁচ বছৰ কাৰ্য্যকাল সমাপ্ত হ’ল ১৫ লাখ কাৰ একাউন্টত জমা হ’ল?’’- সংবাদমেলত গগৈৰ প্ৰশ্ন।

তেওঁ লগতে কয়,’’২ কোটি নিবনুৱাক চাকৰি দিয়াটো বাদেই, চাৰি কোটি চাকৰি লোকচান হোৱা বুলিহে এতিয়া কয়।‘

ইপিনে, অসমত মোদী চৰকাৰৰ দিনত সম্পন্ন হোৱা ভালেকেইটা উন্নয়নমূলক কাম কংগ্ৰেছ চৰকাৰৰ দিনতহে আৰম্ভ হোৱা বুলি গগৈয়ে দাবী কৰে।

‘’বগীবিল দলঙৰ কথা কয়, কিন্তু আৰম্ভ কোনে কৰিলে? আৰম্ভ নকৰাকৈ সম্পূৰ্ণ কেনেকৈ হ’ল? কোনটো প্ৰজেক্ট মোদীয়ে অসমত আৰম্ভ কৰিলে? হয়, এইমছ আৰম্ভ কৰিছে, কিন্তু কি হৈছে প্ৰকৃততে?’’- সংবাদমেলত গগৈৰ মন্তব্য।

ইপিনে, অসমৰ পৰা মোদী চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্য্যদাটো কাঢ়ি নিয়া বুলি অভিযোগ তুলি তেওঁ কয়, ‘‘অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু মিজোৰাম চৰকাৰেও বিশেষ ৰাজ্যৰ মৰ্য্যদা ঘূৰাই দিবৰ বাবে দাবী কৰিছে।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘সবকা সাথ সবকা বিকাশ’ বুলি মোদীয়ে কয় যদিও অসমত চাহ বাগিছাৰ জনসাধাৰণৰ ভোটৰ আশাত তেওঁলোকৰ বাবেহে বেছিকৈ উন্নয়নমূলক আঁচনি লোৱা বুলি কয়।

গগৈয়ে কয়, ‘’চাহ বাগানৰ গৰ্ভৱতী মহিলাক ১২ হাজাৰকৈ টকা দিছে, কিন্তু গাঁৱৰ মহিলাক দিয়া নাই। গাঁৱৰ মহিলা গৰ্ভৱতী নহয় নেকি? চাহ বাগিছাৰ মানুহক অৱসৰ ল’লে তিনি হাজাৰকৈ টকা পেন্সন দিয়াৰ কথা কৈছে। গাওঁৰ মানুহক কিয় নিদিব? সবকা সাথ সবকা বিকাশৰ কথা কৈ চাহ বাগিছা সমূহৰ ভোট ল’বৰ বাবে ভোট কিনা আৰম্ভ কৰিছে। ভোট কিনি জয়ী হ’ব বিচাৰিছে।‘’

আনহাতে, মোদীয়ে পাঁচ বছৰত এজনো বাংলাদেশী খেদিব নোৱাৰিলে বুলি কটাক্ষ কৰে গগৈয়ে।

‘’কালিও বিদেশী খেদাৰ কথা কয়। কেইজন বিদেশী খেদিলে? মোদী পাঁচবছৰ শুই আছিলে নেকি? পাঁচ বছৰৰ পাছত তেওঁ এতিয়া সাৰ পালে,’‘-গগৈয়ে এইদৰে কয়।

তদুপৰি, কুম্ভকৰ্ণৰ দৰে শুই থাকি এতিয়া সাৰ পাই আকৌ বিদেশীৰ কথা কৈছে বুলি কটাক্ষ কৰে গগৈয়ে।

আনহাতে, একেখন সংবাদেমলতে প্ৰধান মন্ত্ৰীয়ে চ্যুকাফাৰ নাম লোৱাৰ অধিকাৰ নাই, কনকলতাৰ নাম লোৱাৰো অধিকাৰ নাই বুলি গগৈয়ে মন্তব্য কৰে।

গগৈয়ে কয়, ‘’প্ৰধান মন্ত্ৰীয়ে চ্যুকাফাৰ নাম লোৱাৰ অধিকাৰ নাই, কনকলতাৰ নাম লোৱাৰো অধিকাৰ নাই। কনকলতা আৰু মুকুন্দ কাকতি, এওঁলোকে বৃটিছৰ হৈ যুঁজি প্ৰাণ দিছিল৷ কিন্তু তোমালোকে মহাত্মা গান্ধীক হত্যা কৰিছিলা।‘’

ইপিনে, কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত বুজাবুজি আছে বুলি ৰাজ্যত অপপ্ৰচাৰ চলিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৰুণ গগৈয়ে কয় ‘’বদৰুদ্দিনৰ ককায়েক মোদী আৰু ভায়েক হিমন্ত।‘’