এইবাৰ দল সলাইছে বিজেপি নেতাই : আপত যোগদান ডিব্ৰুগড়ৰ জিলা বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাসৰ

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজ্যৰ বিভিন্ন ঠাইত আম আদমি পাৰ্টীত বৃহৎসংখ্যক ব্যক্তিয়ে যোগদান কৰিছে।

আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমৰীয়া বিধানসভা ক্ষেত্ৰৰ সোণাপুৰত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত বিজেপিৰ কিষাণ মৰ্চাৰ নেতা প্ৰণৱৰাম দে’ আৰু তেওঁৰ নেতৃত্বত শতাধিক ব্যক্তিয়ে আপৰ ৰাজ্যিক সভাপতি তথা গুৱাহাটী লোকসভা সমষ্টিৰ আপৰ মনোনীত প্ৰাৰ্থী ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত আম আদমি পাৰ্টীত যোগদান কৰে।

সেইদৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজান বিধানসভা ক্ষেত্ৰৰ টেঙাখাত অঞ্চলত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত আপৰ কেন্দ্ৰীয় নেতা জেছমিন সাহ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ উপস্থিতিত ডিব্ৰুগড় জিলা বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাসকে ধৰি শতাধিক লোকে আপত যোগদান কৰে।

তাৰ উপৰিও ধৰিয়া দীঘলীয়াৰ প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী অঞ্জলি তেংৰা, ধৰিয়া দীঘলীয়াৰ যোৱা পোন্ধৰ বছৰ ধৰি কংগ্ৰেছৰ মণ্ডল সভাপতি চামেল টুটী, ধৰিয়া দীঘলীয়াৰ কংগ্ৰেছৰ প্ৰাক্তন মণ্ডল সম্পাদক জ্যোতিষ শেনচোৱা আৰু ধৰিয়া দীঘলীয়াৰ প্ৰাক্তন কংগ্ৰেছ ব্লক মণ্ডল বিত্ত সম্পাদিকা ৰেণু মেছেও একেটা অনুষ্ঠানতে আপত যোগদান কৰে।

এইসকল ব্যক্তিয়ে বিজেপিৰ দুৰ্নীতি আৰু সাম্প্ৰদায়িকতাৰ পৰিৱৰ্তে আম আদমি পাৰ্টীৰ সততা আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আপত যোগদান কৰিছে— এই মন্তব্য আপ, অসমৰ ৰাজ্যিক কমিটীৰ।