কুখ্যাত প্ৰাক্তন ডিআইজিৰ সম্পত্তিৰ পাহাৰ, ব্যৱসায়িক সাম্ৰাজ্যই সকলোৰে চকু কপালত তুলিছে

WhatsApp Image 2020-09-25 at 10.09.25 AM

কুখ্যাত প্ৰাক্তন ডিআইজি পি কে দত্ত।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলকে ধৰি হোৱা কেলেংকাৰিৰ মূল নায়ক কুখ্যাত প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক(ডিআইজি) পি কে দত্তৰ সমস্ত কীৰ্তি লাহে লাহে পোহৰলৈ আহিছে।

নিজৰ চাকৰি কালতেই বিভিন্ন দুৰ্নীতি-কেলেংকাৰিৰ অভিযোগ থকা পি কে দত্তৰ সম্পত্তিৰ পাহাৰ তথা ব্যৱসায়িক সাম্ৰাজ্যৰ ছবিখন পোহৰলৈ অহাৰ পাছত সকলোৰে চকু কপালত উঠিছে।

অসমৰ এক কলংকিত অধ্যায় হিচাপে চিহ্নিত গুপ্তহত্যাৰ অন্যতম খলনায়ক হিচাপে পৰিচিত পি কে দত্তৰ বাবে যেন সকলো সম্ভৱ।

বুধবাৰে সন্ধিয়াৰ পৰা মাজ নিশালৈকে আৰক্ষীৰ অপৰাধ শাখাই কুখ্যাত প্ৰাক্তন আৰক্ষী বিষয়া দত্তৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা বাসগৃহত ব্যাপক অভিযান চলাইছিল।

আৰক্ষীৰ এই দলটোৱে মূলত: উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰিৰ সন্দৰ্ভতে দত্তৰ বাসগৃহত অভিযান চলাইছিল।

আৰক্ষীৰ অপৰাধা শাখাৰ অভিযানৰ বিষয়ে আগতীয়াকৈ খৱৰ লাভ কৰি পি কে দত্তই ইতিমধ্যে ঘৰৰ পৰা পলায়ন কৰে।

অপৰাধ শাখাই পৰিয়ালৰ লোকক জেৰা চলোৱাৰ উপৰি বাসগৃহৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা বহু সামগ্ৰী জব্দ কৰে।

আনহাতে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা পি কে দত্তৰ সম্পত্তিৰ পাহাৰ তথা ব্যৱসায়িক সাম্ৰাজ্যই সকলোৰে চকু কপালত তুলিছে।

কুখ্যাত পি কে দত্তৰ হেঙেৰাবাৰীত থকা প্ৰাসাদোপম অট্টালিকাটোৰ বাহিৰে মহানগৰীৰ চাৰিটা স্থানত চাৰিখনকৈ হোটেল ভৰ্গৱৰ লগতে বহু স্থাৱৰ সম্পত্তি আছে।

আনহাতে, দত্তৰ দুখনকৈ চাহ বাগিচা, ডিব্ৰুগড়ত পাঁচটা ফ্লেটো আছে। সেইদৰে, দিল্লী গুৱাহাটীকে ধৰি তেওঁৰ মুঠতে ১২টা ফ্লেট থকাৰ কথা পোহৰলৈ আহিছে।

তদুপৰি, ডিব্ৰুগড়ত ২০০বিঘা মাটি আৰু গুৱাহাটীত ১০ বিঘা মাটি তথা ফাৰ্ম হাউছো আছে।

আৰক্ষীৰ অভিযানত তেওঁৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে ৮কেজি ১৯২গ্ৰাম সোণ।

কুখ্যাত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ নামী-বেনামী বহুত সম্পত্তি থকা বুলি অনুমান কৰা হৈছে।

প্ৰায় ছয়মাহ পূৰ্বে অসম আৰক্ষীৰ দক্ষিণ সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক হিচাপে অৱসৰ লোৱা পি কে দত্তৰ চাকৰি কালত আছে বহু কলংকিত অধ্যায়।

বৰাকৰ ছুপাৰী-কয়লা কেলেংকাৰিতো আনকি পি কে দত্তৰ নাম সাঙোৰ খাই পৰিছিল।

চাকৰিকালত অত্যন্ত প্ৰভাৱশালী বিষয়া হিচাপে পৰিচিত পি কে দত্তই বিভিন্ন অবৈধ উৎসৰ পৰা ধন-সম্পত্তি আহৰণ কৰাৰ অভিযোগ আছে।

উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰিত তেওঁৰ নাম পোহৰলৈ আহিল যদিও পূৰ্বতে তেওঁ এনে বহু কেলেংকাৰিৰ সৈতে জড়িত থকাৰ কথা নুই কৰিব নোৱাৰি।

দত্তৰ বিৰুদ্ধে ছিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগো পুৰণি।

পি কে দত্তৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত মাটি দখলৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৪০৬৪২০ নম্বৰত এটা গোচৰো ৰুজু হৈ আছে।

অপৰাধীৰ গডফাডাৰ হিচাপে পৰিচিত পি কে দত্তৰ আৰু এনে বহু উন্মোচিত নোহোৱা কেলেংকাৰিৰ কাহিনী অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে।