তেওঁলোকৰ ৭০ বছৰীয়া বিবাহিত জীৱনৰ একেলগে যৱনিকা পৰিল। নেদাৰলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড্ৰিছ ভান আঘট আৰু তেওঁৰ পত্নী ইউজেনীয়ে হাতে হাত ধৰি স্বেচ্ছাই মৃত্যু বৰণ কৰে।
যোৱা সোমবাৰে খবৰ ওলাইছিল যে ড্ৰিছ-ইউজিনিয়ে আইনী পথেৰে স্বেচ্ছা মৃত্যু (ইউথেনাচিয়া) বাছি লৈছে। দুয়োৰে বয়স আছিল ৯৩ বছৰ। দীৰ্ঘদিন ধৰি তেওঁলোকে বাৰ্ধক্যৰ লগত জড়িত বিভিন্ন সমস্যাত ভুগি আছিল।
লগতে পঢ়কঃ কৃষকৰ প্ৰতিবাদৰ সন্মুখত বেৰিকেড-কন্দুৱা গেছ ব্যৰ্থ; কেন্দ্ৰৰ সৈতে আজি পুনৰ বৈঠক
ড্ৰিছ আছিল এটা মানৱ অধিকাৰ সংগঠনৰ নেতা। তেওঁলোকৰ তৰফৰ পৰাই এক বিবৃতি প্ৰকাশ কৰি কোৱা হৈছে যে দুয়োজনে ‘বিশেষ ক্লিনিক’ নহয়, গাঁৱৰ ঘৰতে স্বেচ্ছা মৃত্যুৰ পথ বাছি লৈছে।
বিবৃতিটোত কোৱা হৈছে যে মৃত্যুৰ সময়তো ড্ৰিছ-ইউজিনিয়ে ইজনে সিজনৰ হাতত ধৰি আছিল। একে সময়তে বিষৰ বেজীৰ জৰিয়তে তেওঁলোকৰ মৃত্যু হয়।
উল্লেখ্য যে ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে ড্ৰিছ নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ‘খ্ৰীষ্টান ডেম’ক্ৰেটিক আপীল পাৰ্টি’ৰ প্ৰতিষ্ঠাপক নেতাও আছিল।
লগতে পঢ়কঃ UPSC CSE 2024: ২৬ মে’ত ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা; বিজ্ঞপ্তি প্ৰকাশ আয়োগৰ
নেদাৰলেণ্ডত বৃদ্ধি পাইছে স্বেচ্ছা মৃত্যুৰ হাৰ। যোৱা বছৰ সেই দেশত চৰকাৰী অনুমতি সাপেক্ষে ২৯ দম্পতীয়ে স্বেচ্ছাই মৃত্যুবৰণ কৰিছিল।