প্ৰাক্তন ৰাজ্যপালে তুলিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী তৃণমূল কংগ্ৰেছৰ

Former Governor accuses Goa CM Pramod Sawant of corruption

গোৱাৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

তেওঁ দাবী কৰে যে গোৱা চৰকাৰ ব্যাপক দুৰ্নীতিত নিমজ্জিত। ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যকলাপত দুৰ্নীতি ব্যাপকভাৱে চলি আছে।

এই দুৰ্নীতিৰ প্ৰতিবাদ কৰাৰ বাবেই তেওঁক গোৱাৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই মেঘালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি অভিযোগ কৰে সত্যপাল মালিকে।

সত্যমল মালিকে দাবী কৰিছে যে লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান বন্ধ কৰাৰ আঁৰতো দুৰ্নীতি আছে। ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ হেঁচাত গোৱা চৰকাৰে ঘৰে ঘৰে গৈ ৰেচন বিতৰণ কৰাৰ পৰিকল্পনা কৰিছিল।

নিৰ্বাচনৰ মাত্ৰ কেইমাহমান আগতে সত্যপাল মালিকৰ এই বিস্ফোৰক অভিযোগে গোৱাৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে।

ৰাজ্যখনৰ ৰাজনীতিত অলপতে প্ৰৱেশ কৰা তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ পদত্যাগ দাবী কৰিছে। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে অহা ৭২ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব লাগে বুলি দাবী জনাইছে তৃণমূল কংগ্ৰেছে।

সমগ্ৰ ঘটনাটো এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ন্যায়িকভাৱে তদন্ত কৰিবলৈও দাবী জনাইছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই। এই দাবীত আজি গোৱাৰ বৰ্তমানৰ ৰাজ্যপাল শ্ৰীধৰণ পিল্লাইৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰে তৃণমূলৰ এটা প্ৰতিনিধি দলে।

সৌগত ৰয়, বাবুল সুপ্ৰিয় আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী লুইচিনহো ফালাৰিঅ’ই এই প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে।

আনহাতে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মিছা বুলি আখ্যা দিছে বিজেপিয়ে। গোৱা বিজেপিৰ সভাপতি সদানন্দ টানাভাৰেই সত্যপাল মালিকৰ মন্তব্য ভিত্তিহীন বুলি মন্তব্য কৰে। লগতে এই সম্পৰ্কে কেন্দ্ৰৰ লগতো আলোচনা হোৱা বুলি জনায় সভাপতি গৰাকীয়ে।