বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

মিজেৰামৰ নিৰ্বাচনত জয়ী ফুটবলাৰ জেজে।

বাইচুং ভূটীয়াৰ পদাংক অনুসৰণ কৰি এইবাৰ জেজে লালপেখলুৱাই ৰাজনীতিত প্ৰৱেশ কৰিছে। দক্ষিণ টুইপুই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত থিয় দিছিল দেশৰ প্ৰাক্তন ষ্ট্ৰাইকাৰগৰাকী।

মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী আৰ লালথানলিয়ানা সেই সমষ্টিতে প্ৰাৰ্থী আছিল। তেওঁ জোৰাম পিপুলছ মুভমেন্ট (জেড পি এম)ৰ প্ৰাৰ্থী জেজেৰ হাতত পৰাস্ত হয়।

শেহতীয়াকৈ পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। দেওবাৰে ঘোষণা কৰা হয় চাৰিখন ৰাজ্যৰ ফলাফল। সোমবাৰে মিজোৰামৰ ফলাফল প্ৰকাশ পায়। তাতে জয়ী হোৱাৰ পিছত বিধায়ক হ’ল জেজে।

লগতে পঢ়কঃ প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

ভাৰতৰ ফুটবল খেলপথাৰত জেজে এগৰাকী চিনাকি মুখ। বাইচুং ভূটীয়া আৰু জেজেই কলকাতাত অধিক ফুটবল খেলিছিল। কিন্তু জেজে বেছিভাগ সময় মোহন বাগানত কটাইছিল। এসময়ত বাইচুং ভুটীয়া, সুনীল ছেত্ৰীৰ পিছতে জেজেক দেশৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ বুলি অভিহিত কৰা হৈছিল।

জেজেই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ জাৰ্চিত খেলিছে। দেশৰ বাবে বহু গোল কৰিছে। তেওঁৰ গতি আৰু ক্ষিপ্ৰতা আছিল অনবদ্য। ৰক্ষণ বিভাগৰ বাবে ত্ৰাসৰ কাৰণ আছিল জেজে। ৰাষ্ট্ৰীয় দলৰ জাৰ্চিত ৫৬খন মেচত ২৩টা গ’ল দিছে জেজেই।

জেজেই দীৰ্ঘদিন ধৰি আই এছ এলত চেন্নাই এফ চিৰ হৈ খেলিছিল। কিন্তু আঁঠুৰ আঘাতৰ বাবে ৩২ বছৰ বয়সত ফুটবল কেৰিয়াৰৰ অন্ত পেলায়।

লগতে পঢ়কঃহিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

কেইবামাহো হ’ল জেজে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। দ্বিতীয় ইনিংছৰ আৰম্ভণিতে পালে ডাঙৰ সফলতা। জেজেৰ জয়ত সুখী ফুটবল জগতখন, লগতে অনুৰাগীসকলো।