NORTHEAST NOW (Assamese)

‘‘আপুনি কেন্সাৰক জয় কৰিব পাৰিব’’; কেন্সাৰ আক্ৰান্ত বিজেপি সাংসদক সাক্ষাৎ কৰি যুৱৰাজ সিঙৰ অনুপ্ৰেৰণা

December 6, 2019 7:01 am · এন ই নাও নিউজ
অনিল বালুনিৰ সৈতে যুৱৰাজ সিং

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ কেন্সাৰ ৰোগত আক্ৰান্ত বিজেপি সাংসদ অনিল বালুনিক সাক্ষাৎ কৰি আশু আৰোগ্য লাভৰ অৰ্থে শুভেচ্ছা জ্ঞাপন কৰে।

যুৱৰাজ সিঙে ২০১১ চনৰ বিশ্বকাপৰ পাছতে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল আৰু নিজৰ প্ৰচণ্ড শক্তিৰ বলত পুনৰ সুস্থ হৈ খেলপথাৰলৈ উভতি আহিছিল।

বিজেপিৰ সাংসদ গৰাকীয়ে বৰ্তমান মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ বালুনিৰ দেহত প্ৰথম অৱস্থাতে কেন্সাৰ ৰোগ ধৰা পৰে আৰু ইয়াৰ পৰা আৰোগ্য লাভৰ বাবে সাংসদ গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছে।

‘‘আপুনি কেন্সাৰক জয়ী কৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰ বিৰুদ্ধে সাহসী যুদ্ধৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো যাতে আপুনি সুস্থ হৈ জনসাধাৰণক শুশ্ৰুষা আগবঢ়াব পাৰে…গুড লাক,’’ যুৱৰাজে সিঙে সাংসদ গৰাকীৰ সাক্ষাৎ কৰি কয়।

বিজেপিৰ সাংসদ গৰকীক সাক্ষাৎ কৰাৰ পাছতে যুৱৰাজে তেওঁৰ সৈতে একেলগে উঠা ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

উল্লেখযোগ্য যে, যুৱৰাজ সিঙে ২০১১ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ পাছত আমেৰিকাত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ পুনৰ খেলপথাৰলৈ উভতি আহি বিশ্বৰ সমগ্ৰ কেন্সাৰ ৰোগী সকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল।

Related News