অনিচ্ছাকৃত বৰ্ণবাদী মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে

যুৱৰাজ সিং, উৎস-ইণ্টাৰনেট

ৰোহিত শৰ্মাৰ সৈতে অংশলোৱা এটা ভিডিঅ’ কনফাৰেঞ্চত প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে যুবেন্দ্ৰ চাহলক লৈ কৰা এটা মন্তব্যই একাংশ লোকৰ সহানুভূতিত আঘাত হনা সন্দৰ্ভত ক্ষমা বিচাৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে।

যুৱৰাজ সিঙে যুবেন্দ্ৰ চাহলৰ শেহতীয়া টিকটিক ভিডিঅ’ৰ ওপৰত মন্তব্য কৰিবলৈ গৈ এক মন্তব্য কৰিছিল যি চাহালে প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়ক আঘাত হানিছিল বুলি একাংশ লোকে অসন্তুষ্টি ব্যক্ত কৰিছিল।

যুৱৰাজ সিঙৰ মন্তব্যৰ পাছত একাংশ লোকে ইয়াক বৰ্ণবাদী মন্তব্য আখ্যা দি ক্ৰিকেটাৰ গৰাকীৰ পৰা ক্ষমা বিচাৰে।

‘‘যেতিয়া মই মোৰ বন্ধুৰ সৈতে কথা পাতি আছিল সেই সময়ত মই কোৱা কথাৰ বাবে মোক ভুল বুজা হৈছে, তথাপি যদি এই কথাই কোনো লোকৰ সহানুভূতিত আঘাত কৰিছে তেন্তে এগৰাকী দেশৰ দায়বদ্ধ নাগৰিক হিচাপে মই সেইসকল লোকৰ ওচৰত ক্ষমা বিচাৰিছো,’’ যুৱৰাজ সিঙে কয়।

হাৰিয়ানা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যুৱৰাজ সিঙক সোধাৰ পাছতে ক্ৰিকেটাৰ গৰাকীয়ে ক্ষমা বিচাৰে।

ৰজত কালচান নামৰ এগৰাকী অধিবক্তাই ৩৮ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্যৰ অভিযোগ দাখিল কৰিছিল।