অৱশেষত জামিন পালে হেমন্ত ছোৰেনে। শুকুৰবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে। ভূমি দুৰ্নীতিৰ ধন সৰবৰাহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ পৰা আবেদনখন প্ৰত্যাহাৰ কৰি নিয়ে। অৱশেষত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে।
হেমন্তৰ বিৰুদ্ধে ৰাঁচীৰ ৮.৮৬ একৰ মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ উঠিছে। ভূমি দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত ছোৰেনক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মাত লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে জেএমএমৰ নেতাগৰাকীয়ে।
লগতে পঢ়কঃ একেবাৰতে বহুত বাঢ়িল মোবাইল ৰিচাৰ্জৰ খৰচ! ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য
তাৰ পিছৰে পৰা কেইবাবাৰো উচ্চতম ন্যায়ালয়ত তেওঁৰ গোচৰৰ শুনানি হৈছে। লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পৰাই তেওঁ প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল। কিন্তু সেই আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল।
উচ্চতম ন্যায়ালয়ে জেএমএমৰ নেতাগৰাকীক ধমক দিয়ে। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মাৰ অৱসৰকালীন বিচাৰপীঠৰ পৰ্যবেক্ষণ আছিল যে আবেদনখনত তথ্য গোপন কৰা হৈছিল। এনে সমালোচনাৰ সন্মুখীন হৈ জেএমএম নেতাগৰাকীৰ অধিবক্তা কপিল ছিবালে জামিন আবেদন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ফলত নিৰ্বাচনৰ সময়ত জেলৰ পৰা ওলাই আহিব নোৱাৰিলে হেমন্ত ছোৰেন।
লগতে পঢ়কঃএজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেলৰ চালি : তিনিজনৰ মৃত্যু
কিন্তু নতুন চৰকাৰ গঠনৰ কিছুদিন পিছতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জামিন মঞ্জুৰ কৰে। যোৱা জানুৱাৰী মাহত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া পাঁচ মাহৰ পিছত তেওঁ জেলৰ পৰা মুক্তি পাব।