আৱণ্টিত পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক গ্ৰেপ্তাৰ

কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ হীৰেন্দ্ৰ নাথ শৰ্মাক মুখ্য মন্ত্ৰীৰ বিশেষ তদন্তকাৰী গোটে সোমবাৰে গ্ৰেপ্তাৰ কৰে।

শৰ্মাক সোমবাৰেই বিশেষ ন্যায়াধীশৰ ওচৰত হাজিৰ কৰোৱা হয় আৰু তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত গটাই দিয়া হয়।

২০১৮ চনৰ ১২ ছেপ্তেম্বৰত মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ হৰেকৃষ্ণ দেৱ শৰ্মাই দাখিল কৰা অভিযোগ আবেদনৰ ভিত্তিত প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাথমিক তদন্তত শৰ্মাই চৰকাৰী আৰু য়ু জি চিৰ দ্বাৰা আৱন্তিত বিভিন্ন ধৰণৰ পুঁজিৰ অপব্যৱহাৰ কৰা বুলি জানিব পৰা যায়।

প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে কৰ্মৰত অৱস্থাত থাকোতে ইণ্ডোৰ ষ্টেডিয়াম, কিতাপ, আলোচনী, লাইব্ৰেৰীৰ সামগ্ৰী, ভূগোল বিজ্ঞান বিভাগৰ পুঁজি, ভলীবল আৰু বাস্কেট বল কোৰ্ট নিৰ্মাণ আদিৰ পুঁজিৰ কোনোধৰণৰ কাম নকৰাকৈ অপব্যৱহাৰ কৰে।

শৰ্মাই চৰকাৰ আৰু য়ু জি চিয়ে আৱণ্টন দিয়া প্ৰায় ৩৪,৬৪,১৬৪.০০ টকা ধনৰ অপব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহে।

২০১৮ চনৰ ৪ ডিচেম্বৰত চৰকাৰ অনুমোদনক্ৰমে চি এম এছ(ভি) ৪২/২০১৮/৩৪ নম্বৰত এখন এজাহাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে দাখিল কৰা হছিল।