ক্ৰমাৎ শক্তি বাঢ়িছে তৃণমূল কংগ্ৰেছৰ, এইবাৰ মুকুল চাংমা তৃণমূললৈ

Former Meghalaya CM Mukul Sangma, 13 Other MLAs Likely to Join TMC

ৰাষ্ট্ৰীয় ৰাজনীতিত ক্ৰমাৎ গুৰুত্ব বাঢ়িছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ। বঙ্গত বিজেপিক প্ৰতিহত কৰাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমে ৰাজনৈতিক ৰথী-মহাৰথীৰ আকৰ্ষণ বৃদ্ধি পাইছে তৃণমূল কংগ্ৰেছলৈ।

এইবাৰ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা মুকুল চাংমাই তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে।

চাংমাৰ লগতে ৰাজ্যখনৰ কমেও ১৩ জন কংগ্ৰেছ বিধায়কেও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি আশা কৰা হৈছে।

২ অক্টোবৰত এই সম্পৰ্কে নিশ্চিত হ’ব পৰা যাব বুলি জনাইছে দলৰ এজন কৰ্মকৰ্তাই।

মেঘালয়ৰ কেইবাজনো নেতাই কলকাতা ভ্ৰমণ কৰা সময়তে চাংমাক তৃণমূল কংগ্ৰেছত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছিল।

বিশেষ সূত্ৰ অনুসৰি চাংমাই ২১ ছেপ্টেম্বৰত তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক সাক্ষাৎ কৰিছিল। অৱশ্যে, দলীয় সূত্ৰই এই বিষয়ে ন্যসাৎ কৰিছিল।

চাংমাই শুক্ৰবাৰে এক আভ্যন্তৰীণ বৈঠকৰ পিছত তৃণমূল কংগ্ৰেছত যোগদানৰ ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মেঘালয়ত ২০২৩ চনত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩০ অক্টোবৰত তিনিটা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ’ব।

তৃণমূল কংগ্ৰেছৰ এটা পৰ্যবেক্ষক দল সোনকালেই মেঘালয়ত উপস্থিত হ’ব বুলি সূত্ৰত প্ৰকাশ।

যদি চাংমাই তৃণমূলত যোগদান কৰে, তেন্তে ত্ৰিপুৰা আৰু গোৱাত দলটোৱে ব্যাপকতা লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় ভাৱে সম্প্ৰসাৰণকৰাৰ পৰিকল্পনাত ই পৰৱৰ্তী ৰাজ্য হ’ব।

ইতিমধ্যে অসমতো তৃণমূল কংগ্ৰেছৰ সম্প্ৰসাৰণৰ আলোচনা চলি আছে।

এই সপ্তাহৰ আৰম্ভণিতে, গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু তথা কংগ্ৰেছৰ জেষ্ঠ নেতা লুইজিনহো ফালেইৰো টিএমচিত যোগদান কৰিছিল। দলটোৱে ২০২২ চনৰ গোৱা নিৰ্বাচনৰ বাবে ইয়াৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ কৰিছে।