অচিৰেই সম্প্ৰসাৰণ ঘটিব নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ খালী হৈ থকা ২৬ খন মন্ত্ৰীৰ আসন পূৰণ কৰিবলৈ কৰিবলৈ আগবাঢ়িছে আৰু ইয়াত ১৮ খন নতুন মুখ অন্তৰ্ভুক্ত হোৱাৰ চৰ্চা চলিছে।
সেয়েহে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে বিশেষ বিমানযোগে ৰাওনা হৈছে দিল্লীলৈ।
প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ দপ্তৰ লাভ কৰা বুলি ইতিমধ্যে উৰা বাতৰি প্ৰচাৰ হ’ল যদিও এয়া একেবাৰে নিশ্চিত নহয়।
এক বিশ্বস্ত সুত্ৰই আমাৰ সাংবাদিকক জনোৱা অনুসৰি সোণোৱালে ড’নাৰ মন্ত্ৰ্যালয়ৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰবল।
ইপিনে, সৰ্বানন্দ সোণোৱাল দিল্লীলৈ উৰা মৰাৰ উমান পায়েই সুযোগ বুজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে মাজুলীৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰাজীৱলোচন পেগুৱে।
মঙ্গলবাৰে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে পেগুৱে। তেওঁ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ পদত্যাগ পত্ৰখন প্ৰেৰণ কৰিছে।
সুত্ৰ অনুসৰি সৰ্বানন্দ সোণোৱাল দিল্লীলৈ গ’লে খালী হ’বলগীয়া মাজুলী আসনখনৰ সুযোগ ল’ব ৰাজীৱ লোচন পেগুৱে।
অচিৰেই পেগুৱে বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰে সুত্ৰটোৱে।
বিজেপিত যোগদান কৰিলে উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ বিজেপি প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজীৱলোচন পেগুৰ।
কংগ্ৰেছত থকা অৱস্থাৰ পৰাই ৰাজীৱলোচন পেগুৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে এক সু-সম্পৰ্ক।
ইতিমধ্যে, কংগ্ৰেছত থাকি নিজৰ ভৰিৰ তলৰ মাটি হেৰুওৱা ৰাজীৱ লোচন পেগুৱে এতিয়া পুৰণি সতীৰ্থৰ নেতৃত্বত চলি থকা বিজেপি চৰকাৰৰ প্ৰতি আকৃষ্ট হোৱাৰ কাৰণ বিচাৰি পাইছে।
সেয়েহে সোণোৱাল দিল্লীলৈ গ’লে মাজুলীত বিজেপিক প্ৰতিনিধিত্ব কৰি পুনৰ দিচপুৰৰ মছনদলৈ অহাৰ সম্ভাৱনা দেখিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
পিছে কংগ্ৰেছী পেগুৰ গেৰুৱাকৰণক লৈ সন্তুষ্ট নহয় মাজুলী বিজেপি তথা ৰাজ্যিক বিজেপিৰ একাংশ। এতিয়াও অৱশ্যে মাজুলী আসনখনক লৈ ৰাজ্যিক বিজেপিৰ পৰা গ্ৰীণ চিগনেল লাভ কৰা নাই।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰলৈ মাজুলী ভ্ৰমণৰ কালছোৱাত হিমন্ত বিশ্ব শৰ্মাক সৌজন্যমূলক সাক্ষাৎ কৰিছিল ৰাজীৱ লোচনে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা হেতুকে তেওঁ উপ-নিৰ্বাচনত মাজুলীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ’ব বুলি অন্য এক সুত্ৰই দাবী কৰে।