ৰাজ্যৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী বলোৰাম নাগৰ দেহাৱসান, নগাঁৱত দল-সংগঠনৰ শোক

Boloram Naag

অসমৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘ ,নগাঁও জিলাৰ সভাপতি বলোৰাম নাগৰ আজি দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আজি পুৱা প্ৰায় ৯-৩০ মান বজাত হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দিল্লী নিবাসী মাজু জিয়ৰীৰ ঘৰত তেওঁৰ মৃত্যু ঘতে।

উল্লেখযোগ্য যে ১৯৪৫ চনত নগাঁৱৰ চামগুৰিত জন্ম গ্ৰহণ কৰা নাগ ১৯৬৫ৰ পৰা ১৯৬৮ চনলৈ আটছাৰ সাধাৰণ সম্পাদকৰ পদত অধিস্থিত আছিল।

পৰৱৰ্তী সময়ত অসম চাহ মজদুৰ সংঘ, নগাঁও জিলাৰ সাধাৰণ সম্পাদক হোৱাৰ লগতে কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ১৯৮৩ চনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে বিজয়ী হোৱাৰ ওপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপেও মনোনীত হৈছিল।

ইয়াৰ উপৰি ১৯৯১ৰ পৰা ১৯৯৬ চনলৈ অসম মন্ত্ৰী সভাৰ শ্ৰম, উদ্যোগ আদিৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দক্ষ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব ভাৰ পালন কৰিছিল ৷ইয়াৰ ওপৰিও ১৯৭২ চনত তেওঁ মোম্বাইত শ্ৰম শিক্ষা উন্নয়নৰ ডিপ্ল’মা গ্ৰহণ কৰাৰ লগতে ১৯৮৪ চনত আন্ত:ৰাষ্ট্ৰীয় কৃষি পাম শিক্ষা গ্ৰহণৰ উদ্যেশ্যে আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, জাপান,হংকং,উত্তৰ কোৰিয়া,থাইলেণ্ড আদি ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল ৷

জানিব পৰা মতে, শাৰিৰীক অসুস্থতাৰ বাবে বিগত বহুদিন ধৰি দিল্লী নিবাসী মাজু জিয়ৰীৰ ঘৰত থাকি চিকিৎসা সেৱা গ্ৰহণ কৰা অৱস্থাতে আজি পুৱা প্ৰায় ৯-৩০ মান বজাত হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁ মৃত্যুক সাৱটি লয়।

কাইলৈ বিমান যোগে তেওঁৰ নশ্বৰ দেহ চামগুৰিৰ আমলক্ষী চাহ বাগানৰ নিজা বাসগৃহ লৈ আনিব বুলি পৰিয়ালৰ সূত্ৰই  জানিবলৈ দিয়ে। তেওঁৰ মৃত্যুত নগাঁৱৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।