ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত IPL খেলি যোৱা নেপালৰ তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিছানে

নেপালৰ তাৰকা স্পীনাৰ সন্দীপ লামিছানে। ফটোঃ সংগ্ৰহীত।

এসময়ত দিল্লী কেপিটেলছৰ হৈ IPLত খেলা নেপালৰ তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিছানে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছে। শুকুৰবাৰে কাঠমাণ্ডু জিলা আদালতত ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত হয় ২০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা তাৰকা স্পিনাৰগৰাকী।

ন্যায়াধীশ শিশিৰ ৰাজ ঢাকালৰ আদালতত গোচৰটোত লামিছানেৰ বিৰুদ্ধে উত্থাপিত দুস্কাৰ্যৰ অভিযোগ সত্য বুলি প্ৰমাণিত হয়। অৱশ্যে ন্যায়াধীশগৰাকীয়ে নিশ্চিত কৰে যে ২০২২ চনৰ আগষ্ট মাহত ধৰ্ষণৰ সময়ত অভিযোগকাৰী নাবালিকা নাছিল। তাৰকা ক্ৰিকেটাৰগৰাকীৰ শাস্তি পৰৱৰ্তী শুনানিত ঘোষণা কৰা হ’ব। তাতেই তেওঁৰ কাৰাদণ্ডৰ ম্যাদ নিৰ্ধাৰণ হ’ব পাৰে।

লগতে পঢ়কঃ জাতীয় দলত উপেক্ষিত! তথাপি অনুশীলনৰ পৰা বিশ্ৰাম নাইঃ ভিডিঅ’ যোগে ৰাহানেৰ বাৰ্তা

বৰ্তমান জামিনত মুকলি হৈ আছে লামিছানে। যোৱা ১২ জানুৱাৰীত পাটন উচ্চ ন্যায়ালয়ে তাৰকা ক্ৰিকেটাৰগৰাকীক জামিন মঞ্জুৰ কৰে। লামিছানে দাখিল কৰা পুনৰীক্ষণ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ ধ্ৰুৱৰাজ নন্দ আৰু ন্যায়াধীশ ৰমেশ দাহালৰে গঠিত বিচাৰপীঠে প্ৰাক্তন ক্ৰিকেট অধিনায়কগৰাকীক ২০ লাখ টকাৰ বণ্ডত চৰ্তসাপেক্ষ জামিন প্ৰদান কৰে।

নেপালৰ ৰাষ্ট্ৰীয় দলৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ২০২২ চনৰ ২১ আগষ্টত কাঠমাণ্ডুৰ হোটেলৰ কোঠাত এগৰাকী নাবালিকাক একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে লমিছানে কাৰাবাস খাটিবলগীয়া হৈছিল। নেপাল দলৰ পৰাও তেওঁক অপসাৰণ কৰা হয়। অৱশ্যে জামিনত মুকলি হোৱাৰ পিছত তেওঁ পুনৰ ৰাষ্ট্ৰীয় দলত প্ৰৱেশ কৰে।

লগতে পঢ়কঃ দিল্লীত ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আলফাইঃ সকলো যুক্তিসংগত দাবী পূৰণৰ আশ্বাস অমিত শ্বাহৰ

যোৱা ৬ ছেপ্টেম্বৰত লামিছনেৰ বিৰুদ্ধে গৌশালা মহানগৰ আৰক্ষী চক্ৰত এজাহাৰ দাখিল কৰা হৈছিল। যোৱা ৬ অক্টোবৰত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে লামিছানেক গ্ৰেপ্তাৰ কৰিছিল। ২০২২ চনৰ ৪ নৱেম্বৰত কাঠমাণ্ডু জিলা আদালতে লামিছানেক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। জিলা আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই সন্দীপে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

লামিছানে নেপালৰ হৈ ৫১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ১১২টা উইকেট সংগ্ৰহ কৰে। তাৰ লগতে দেশৰ জাৰ্চি পিন্ধি ৫২খন আন্তঃৰাষ্ট্ৰীয় টী-২০ মেচত খেলপথাৰত নামি ৯৮টা উইকেট সংগ্ৰহ কৰে। অৰ্থাৎ লামিছানে দুয়োটা ফৰ্মেটতে ২১০টা আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰিছে।

২০১৮ আৰু ২০১৯ চনত লামিছানে আই পি এলৰ মুঠ ৯খন খেল খেলিছিল। তেওঁ মুঠ ১৩টা উইকেট লাভ কৰে। কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতেই নহয়, সন্দীপে সমগ্ৰ বিশ্বতে ঘৰুৱা টী-১০ আৰু টী-২০ লীগত খেলিছে। ইয়াৰ উপৰিও তেওঁ হোবাৰ্ট হাৰিকেনছ, মেলবৰ্ণ ষ্টাৰছ, লাহোৰ কালাণ্ডাৰছ, অভাল ইনভিনচিবলছ, বাৰ্বাডোছ ট্ৰাইডেণ্টছ, জামাইকা তালাৱাজৰ দৰে প্ৰথম শ্ৰেণীৰ দলকো প্ৰতিনিধিত্ব কৰিছে।