ফিক্স আছিল ১৯৯৯ বিশ্বকাপৰ ফাইনেল; ৱাছিম আক্ৰামৰ বিৰুদ্ধে অভিযোগ প্ৰাক্তন সতীৰ্থৰ

ৱাছিম আক্ৰামৰ ফাইল ফটো

ৱাছিম আক্ৰামৰ নেতৃত্বত খেলা ১৯৯৯ চনৰ বিশ্বকাপত পাকিস্তান দলে মেচ ফিক্সিং কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰায় ২০ বছৰৰ মূৰত এই অভিযোগ আনিছে পাকিস্তানৰে প্ৰাক্তন বেগী বলাৰ ছৰফৰাজ নাৱাজে।

শেহতীয়াকৈ ছৰফৰাজে এটা পাকিস্তানী চেনেলত দিয়া সাক্ষাৎকাৰত এই চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছিল। তেওঁ কৈছিল যে ১৯৯৯ ৰ বিশ্বকাপৰ ফাইনেল মেচখন ফিক্স আছিল, সেয়ে পাকিস্তানে জানি বুজি মেচখন পৰাস্ত হৈছিল।

তেওঁ লগতে কয় যে বিশ্বকাপৰ ফাইনেলখনৰ উপৰি আন এখন মেচো পাকিস্তানে ফিক্সিং কৰিছিল। এই মেচখন আছিল বাংলাদেশৰ বিৰুদ্ধে।

‍‘৯৯ৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত পাকিস্তান ৬২ ৰানত পৰাস্ত হৈছিল। বাংলাদেশে বান্ধি দিয়া ২২৩ ৰানৰ বিনিময়ত শক্তিশালী বেটিং লাইন আপেৰে ভৰা পাকিস্তানে মাত্ৰ ১৬১ ৰানতে অলআউট হৈছিল, আৰু এই কথাটোৱে প্ৰমাণ কৰে যে মেচখন ফিক্স আছিল।

ইফালে ফাইনেল মেচখন সন্দৰ্ভত তেওঁ কয় যে মেচৰ পূৰ্বে আক্ৰামক লগ পোৱাত তেওঁ এই মেচখন জয়ী হ’বই লাগিব বুলি কৈছিল, কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আমি বেয়াকে পৰাস্ত হ’লো।

উল্লেখ্য যে ‍‘৯৯ৰ বিশ্বকাপ ফাইনেলত পাকিস্তানে প্ৰথমে বেট ধৰি মাত্ৰ ১৩২ ৰানত্ ইনিংছ সামৰিছিল। অষ্ট্ৰেলিয়াই মাত্ৰ ২০.১ অভাৰতে ১৩৩ ৰানৰ লক্ষ্য অতিক্ৰম কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিছিল।