NORTHEAST NOW (Assamese)

ক’ৰ’নাত মৃত্যু এইগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ

April 14, 2020 9:27 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

পাকিস্তানৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ জফৰ চৰফৰাজে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়।

জানিব পৰা মতে, সোমবাৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে পাকিস্তানৰ লেডী ৰেডিংগ চিকিৎসালয়ত ক’ৰ’নাৰ আগত হাৰ মানে।

৫০ বছৰীয়া জফৰ চৰফৰাজ পাকিস্তানৰ প্ৰথম গৰাকী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা ক্ৰিকেটাৰ।

বিগত মংগলবাৰে জফৰ চৰফৰাজ ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত নিশ্চিত হৈছিল আৰু বিগত তিনিদিন ধৰি ক্ৰিকেটাৰ গৰাকী ভেণ্টিলেটৰতে থাকিবলগীয়া হৈছিল।

জফৰ চৰফৰাজ পাকিস্তানৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আখতাৰ চৰফৰাজৰ ভাতৃ।

জফৰ চৰফৰাজে ১৯৮৮ চনৰ পৰা ১৯৯৪ চনলৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰু ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ লিষ্ট এ ক্ৰিকেট খেলিছিল।

পাকিস্তানত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এতিয়ালৈ মুঠ ৯৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News