DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দে জুন মাহতে আৰম্ভ কৰিছিল ‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰাৰম্ভিক কাম!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 5, 2023 9:38 am
দেশৰ প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ। ফটো: সংগ্ৰহীত।

দেশৰ প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ। ফটো: সংগ্ৰহীত।

772
VIEWS
Share on FacebookShare on Twitter

নতুন সংসদ ভৱন উদ্বোধনৰ চাৰিদিন পিছত ২ জুনত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক দুজন ব্যক্তিয়ে সাক্ষাৎ কৰিছিল। তেওঁলোক আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰধান সচিব ড° পি কে মিশ্ৰ।

সেই বৈঠকতে আপাত দৃষ্টিত কোবিন্দৰ নেতৃত্বত বহু বিতৰ্কিত ‘এক দেশ, এক নিৰ্বাচন’ আঁচনিৰ বাবে কুচকাৱাজ আৰম্ভ হোৱা বুলি এই কাৰ্য কৌশলৰ বিষয়ে অৱগত সূত্ৰই জনায়। এই কথা দ্য নিউ ইণ্ডিয়া এক্সপ্ৰেছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

এই সকলোবোৰ আৰম্ভ হৈছিল কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পিছত। ই সঁচাকৈয়ে দলটোক আঘাত দিছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সংখ্যাক লৈ ক্ৰমান্বয়ে চিন্তিত কৰি তুলিছিল। সেয়েহে একেলগে নিৰ্বাচনৰ এই ৰণকৌশল।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ কাম-কাজৰ শৈলীক লৈ ৰাজ্যৰ নেতাসকলৰ প্ৰশ্নৰ মাজতে হিমন্তক পাঠ দিলে কেন্দ্ৰীয় নেতৃত্বই!

কিন্তু কোবিন্দৰ ওপৰতে এই দায়িত্ব কিয়? সূত্ৰসমূহে জনোৱা মতে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সাধাৰণ জীৱন যাত্ৰা অনুসৰণ কৰে যদিও জটিল আইনী বিষয়সমূহ চম্ভালিবলৈ সক্ষম। তদুপৰি তেওঁক মোডীয়ে বিশ্বাস কৰে।

সূত্ৰৰ মতে, ‘মোদীয়ে নিজৰ বিশ্বাসযোগ্য দলৰ কাৰ্যকৰ্তাসকলক মনে মনে একেলগে নিৰ্বাচনৰ বাবে ভেটি প্ৰস্তুত কৰিবলৈ কয় যাতে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ একত্ৰীকৰণ শিথিল হয়।

শুকুৰবাৰে কোবিন্দক আনুষ্ঠানিকভাৱে ‘এক দেশ, এক নিৰ্বাচন’ পেনেলৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। পিছদিনা ইয়াৰ সদস্যসকলৰ নাম ঘোষণা কৰা হয়। দেওবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ বিষয়াসকলে পেনেলৰ প্ৰস্তুতিমূলক কামৰ বাবে আনুষ্ঠানিকভাৱে কোবিন্দক সাক্ষাৎ কৰে।

কিন্তু যোৱা ২ জুনতে বিষয়টো উত্থাপন হোৱাৰ পিছৰে পৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰস্তুতিৰ কাম আৰম্ভ কৰা যেন দেখা গৈছে ।

তেওঁৰ ছ’চিয়েল মিডিয়াৰ টাইমলাইনত অলপ চকু ফুৰালেই বুজা যায় যে তেওঁ কেনেকৈ ভেটি প্ৰস্তুত কৰিছিল। যোৱা তিনিমাহৰ ভিতৰত তেওঁ কমেও ১০ জন গৱৰ্ণৰক সাক্ষাৎ কৰিছিল। অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিসকলৰ ব্যস্ত ভ্ৰমণসূচী নাথাকে। সাধাৰণতে তেওঁলোকে অৱসৰৰ বছৰবোৰ উপভোগ কৰে, হয়তো এখন বা দুখন স্মৃতিকথাৰ গ্ৰন্থ লিখে। ইয়াৰ বিপৰীতে কোবিন্দে ৰাজভৱনসমূত ঘূৰি ফুৰি ৰাজ্যপাল আৰু দলৰ নেতাক আতিথ্য দিবলৈ আৰম্ভ কৰিলে।

লগতে পঢ়ক: শিক্ষক দিৱস: দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু আদৰ্শ

৯ জুনৰ পৰা ২৯ আগষ্টৰ ভিতৰত তেওঁ দলৰ জ্যেষ্ঠ নেতা আৰু আৰ এছ এছৰ মুৰব্বীৰ উপৰিও কমেও ১০ জন গৱৰ্ণৰ/প্ৰশাসকক সাক্ষাৎ কৰিছিল। ইয়াৰে কিছুমানক এবাৰতকৈ অধিকবাৰ সাক্ষাৎ কৰিছিল (টাইমলাইন চাওক)।

চৰকাৰে পেনেলৰ নিযুক্তি আনুষ্ঠানিক কৰাৰ লগে লগে ইতিমধ্যে একেলগে নিৰ্বাচনৰ বাবে নিজৰ প্ৰস্তাৱসমূহ দৃঢ় কৰাৰ কাম আৰম্ভ কৰিছে। আনকি ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশনৰ সময়তো ইয়াৰ প্ৰতিবেদন দাখিল কৰিব পৰা যাব।

খচৰাখনৰ আঁৰৰ চিন্তাধাৰাটো হ’ল ২০২৫ চনৰ আশে-পাশে যিবোৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব (যেনে মহাৰাষ্ট্ৰ, পশ্চিম বংগৰ দৰে ) সেইবোৰ ভংগ হ’ব। আনহাতে, শেহতীয়াকৈ নিৰ্বাচনলৈ যোৱা ৰাজ্য যেনে কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ কাৰ্যকাল এবছৰৰ বৃদ্ধি পাব যাতে… তাত পৰৱৰ্তী চক্ৰত, অৰ্থাৎ ২০২৯ চনত একেলগে  নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

এজন জ্যেষ্ঠ নেতাই কয় যে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিলে বিৰোধী জোঁট ইণ্ডিয়াত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।

লগতে পঢ়ক: Teachers Day 2023 : শিক্ষক দিৱসৰ লগত সংগতি থকা কেইটামান বহুবিকল্পী প্ৰশ্ন

সূত্ৰসমূহৰ মতে, ‘পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী, কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে বিধানসভা আৰু লোকসভা নিৰ্বাচন দুয়োটাৰে বাবে মিত্ৰতাত আৱদ্ধ হোৱাটো কঠিন হ’ব, কিয়নো প্ৰতিটো দলে প্ৰথমে নিজৰ স্থানীয় স্বাৰ্থ ৰক্ষা কৰিব বিচাৰিব। দিল্লী আৰু পঞ্জাৱ আৰু অন্যান্য ঠাইত আপ আৰু কংগ্ৰেছৰ মাজতো একেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব। কংগ্ৰেছৰ লগত থকা আঞ্চলিক দলসমূহে সংঘাতত লিপ্ত হ’ব, আৰু এইটোৱে গেৰুৱা দলটোক অধিক সুযোগ দিব বুলি বিজেপিয়ে আশা কৰিছে।’

Recent News

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd