শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মাৰ ৰ’ডশ্বোত কোনে কৰিলে এককভাৱে প্ৰতিবাদ?

IMG-20190409-WA0000

শিৱসাগৰত সোমবাৰে হিমন্ত হিশ্ব শৰ্মাৰ ৰোডশ্ব'ত এগৰাকী প্ৰাক্তন ছাত্ৰনেতাৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

সোমবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ পৰা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈছিল এখন ৰ’ডশ্বোত। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে উলিওৱা এই ৰ’ডশ্বোত কেইবাহাজাৰ বিজেপি আৰু মিত্ৰজোঁট অগপৰ নেতা-কৰ্মীয়ে অংশ লৈছিল।

কিন্ত এই ৰ’ডশ্বোৰ মাজতে ঘটিল এক অঘটন। শিৱসাগৰৰ প্ৰাক্তন আছু নেতা সুমেশ ডেকাই নিজৰ ঘৰৰ সন্মুখত হাতত এখন বেনাৰ লৈ এককভাৱে প্ৰতিবাদ কৰি আদৰণি জনায় নেডাৰ আহ্বায়ক তথা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

মন্ত্ৰী জনে পদযাত্ৰা কৰি আহি থাকোতে তেখেতৰ সন্মুখত থিয় হৈ হাতত এখন কাগজত ‘মিছা কথা নকব’ বুলি লিখি প্ৰতিবাদ জনায়। মন্ত্ৰীজনেও প্ৰাক্তন আছুৰ নেতাজনৰ বেনাৰখন পঢ়িলে, আৰু বেকাকৈ হাঁহি এটা মাৰি আঁতৰি আহিল। হয়তো এইদৰে ৰ’ডশ্বোত প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি ভৱাই নাছিল।

প্ৰাক্তন আছু নেতা গৰাকীয়ে পাছত সাংবাদিকৰ আগত কয়, ‘’আমি অসম আন্দোলন কৰা মানুহ, সেই আন্দোলনত আমাৰ বহু সতীৰ্থ শ্বহীদ হৈছিল আৰু আমিও বহু নিৰ্যাতনৰ সন্মুখীন হৈছিলো। আমাৰ লগত আন্দোলন কৰা বহু লোক এতিয়া নেতা বা মন্ত্ৰী হৈ আছে।”

তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই কয়, ‘’মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ দিনত ১৫ বছৰ স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে তেওঁ মোক কৈছিল, ‘সুমেশদা মই শিৱসাগৰত মেডিকেল কলেজ দিম’। কিন্তু মেডিকেল কলেজ শিৱসাগৰলৈ নাহিল।‘’

প্ৰাক্তন ছাত্ৰনেতাগৰাকীয়ে নিজৰ ক্ষোভ উজাৰি লগতে কয়,‘’আজি নিৰ্বাচনী সভাত কোৱাৰ দৰে আগতেও কৈছিল শিৱসাগৰ অসমৰ প্ৰাণ কেন্দ্ৰ। কিন্তু অসমৰ এই প্ৰাণ কেন্দ্ৰ শিৱসাগৰত আজি কোনো এটা ভাল অনুষ্ঠান নাই। সেইবাবে আজি মন্ত্ৰীজনক এজন জ্যেষ্ঠ নাগৰিকক মিছা কথা কোৱাৰ বাবে আমাৰ ঘৰৰ সন্মুখত তেখেতক স্বাগতম জনাই হাতত পেষ্টাৰ লৈ প্ৰতিবাদ কৰিলো।‘’

উল্লেখযোগ্য যে সুমেশ ডেকা সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ এগৰাকী প্ৰাক্তন সম্পাদক।

ইপিনে, হাজাৰ হাজাৰ জনতাৰ মাজত এজন ব্যক্তিয়ে এককভাৱে কৰা এই সাহসী প্ৰতিবাদে এতিয়া জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছে আৰু প্ৰাক্তন আছু নেতাজনক ধন্যবাদ জ্ঞাপন কৰিছে।