NORTHEAST NOW (Assamese)

দিচাংমুখৰ ২০০ টা বানপীড়িত পৰিয়ালক ‘সতীৰ্থ ৯৭’ৰ সাহায্য সামগ্ৰী প্ৰদান

July 25, 2019 7:53 am · পার্শ্বজোতি গগৈ
Updated: July 25, 2019 7:54 am
ফটো নৰ্থ-ইষ্ট নাও

শিৱসাগৰৰ দিচাংমুখৰ ভিতৰুৱা অঞ্চল গড়ভগা, চৰাইপৰা আৰু চুমনী গাঁৱত মংগলবাৰে ‘সতীৰ্থ ৯৭’ য়ে ২০০ টা পৰিয়ালৰ মাজত বান সাহায্য প্ৰদান কৰে। কিছুদিন পূৰ্বে দিচাংমুখৰ এক বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত লোকসকলে নিজৰ ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছিল। বৰ্তমান পানী শুকাল যদিও বানাক্ৰান্ত ৰাইজ খাদ্য, কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

চৰকাৰ তথা প্ৰশাসনৰ পৰা কিছু সাহায্য পাইছে যদিও অতি ভিতৰুৱা হোৱাৰ বাবে বান সাহায্যৰ পৰা বঞ্চিত হৈছে গটঙা, গড়ভগা, চৰাইপৰা, ভিতৰ লিগিৰীবাৰী,বলমা, শৰাগুৰি চাপৰি, মাজৰবাৰী, ৰূপহীমূখ আদি অঞ্চল।

কালি ‘সতীৰ্থ ৯৭’ৰ সদস্যসকলে গড়ভঙা, চৰাইপৰা আৰু চুমনী গাঁৱৰ প্ৰায় ২০০টা পৰিয়ালক প্ৰদান কৰে বান সাহায্য। তেওঁলোকে প্ৰতিটো পৰিয়ালক ২ কেজি চাউল, ৩০০ গ্ৰাম দাইল, ২০০ গ্ৰাম মিঠাতেল, শিশুৰ বাবে আমোল টাজা এক পেকেট, ব্ৰেড এক পেকেট,  বিশুদ্ধ পানী, মেক্স’, মমবাতি, জুইশালা, ফেনাইল আৰু কাপোৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকলৰ এক অনুষ্ঠান ‘সতীৰ্থ ৯৭’য়ে বান সাহায্যৰ বাবে কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দান বৰঙণি সংগ্ৰহ কৰা নাছিল।

কালিৰ উক্ত কাৰ্যসূচীত ‘সতীৰ্থ ৯৭’ ৰ সভাপতি আটিশ গুপ্তা, কুমুদ দিহিঙ্গীয়া, ৰাজীৱ শৰ্মা, পবিত্ৰ টায়ে, সৌমাৰ জ্যোতি শইকীয়া, শ্যামকানু বৰুৱাৰ লগতে শুভাকাংশী পূৰ্ণিমা দিহিঙ্গীয়া, জেচমিন দে, বিশ্বজিৎ দত্ত আৰু পংকজ চেতিয়াই অংশগ্ৰহণ কৰে।

Related News