প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ পৰলোকপ্ৰাপ্তি

WhatsApp Image 2020-09-13 at 1.01.19 PM

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিং।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেওবাৰে দিল্লীৰ এইমছত পৰলোকপ্ৰাপ্তি ঘটে। অসুস্থ হৈ পৰাৰ পাছত সিঙক এইমছত ভৰ্তি কৰোৱা হৈছিল।

দুদিন পূৰ্বে প্ৰাক্তন মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ পাছত তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল।

তেওঁৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে তেওঁ আইচিয়্যুৰ পৰাই ৰাষ্ট্ৰীয় জনতা দলৰ পৰা পদত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছিল।

ৰঘুবংশ প্ৰসাদ যাদৱৰ মৃত্যুত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে গভীৰ শোক প্ৰকাশ কৰিছে।

বিগত ৩২ বছৰ ধৰি লালু প্ৰসাদৰ যাদৱৰ সৈতে সিঙে তেওঁৰ ৰাজনৈতিক জীৱন কটাইছে।

ৰঘুবংশ প্ৰসাদ সিঙৰ আৰজেডিৰ এগৰাকী অতি বিশ্বস্ত তথা সংকটমোচক নেতা হিচাপে পৰিচিত আছিল।

দেশৰ বৃহত্তম কল্যাণমুখী আঁচনি হিচাপে পৰিগণিত মনৰেগা (মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট গেৰান্টি এক্ট)ৰ ৰূপকাৰ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিং।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪বছৰ।