বিজেপিত যোগ দিলে WWE ৰ তাৰকা দ্য গ্ৰেট খালীয়ে

Great Khali joins BJP

পেছাদাৰী মল্লযোদ্ধা আৰু ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট (WWE)ৰ তাৰকা দলিপ সিং ৰাণা ওৰফে দ্য গ্ৰেট খালিয়ে আজি বিজেপিত যোগদান কৰে।

আজি পুৱাৰ ভাগত খালি দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় আৰু দুপৰীয়া ১ বজাত এক অনুষ্ঠানত তেওঁক দলত আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা জীতেন্দ্ৰ সিঙে কয়, “গ্ৰেট খালীয়ে বিজেপিত যোগদান কৰা সিদ্ধান্তই দেশৰ যুৱ চামৰ লগতে আন লোকসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব।”

২০০৬ চনত WWE ত আত্মপ্ৰকাশ কৰা এজন পেছাদাৰী মল্লযোদ্ধা হিচাপে খালিয়ে ২০০৭ চনত বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰিছিল।

WWE ৰ ইতিহাসৰ কেইবাজনো কিংবদন্তী তাৰকাক পৰাস্ত কৰি চমক সৃষ্টি কৰা খালিক ২০২১ চনত WWE ৰ হল অৱ ফেমত অন্তৰ্ভূক্ত কৰা হৈছিল।

WWE ত সফলতাৰ পাছত গ্ৰেট খালীয়ে মেকগ্ৰুবাৰ, গেট স্মাৰ্ট আৰু এডাম চেণ্ডলাৰ অভিনীত দ্য লংগেষ্ট য়াৰ্ডৰ দৰে কেইবাখনো হলিউড চলচ্চিত্ৰত অভিনয় কৰিছিল। বলিউদতো ভূমুকি মৰা খালিয়ে ৰিয়েলিটি শ্ব’ বিগ বছতো অংশ লৈছিল।

WWE ৰ পৰা অৱসৰ লোৱাৰ পিছত খালিয়ে কণ্টিনেণ্টেল ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট নামৰ এক ভাৰতীয় পেছাদাৰী কুস্তি প্ৰচাৰ আৰু প্ৰশিক্ষণ একাডেমী মুকলি কৰে।