তামুলপুৰৰ একাধিক স্থানত আধাৰশিলা স্থাপন কৰিলে বিধায়ক ইমানুৱেল মোছাহাৰীয়ে

a nirmala

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰকমুহূৰ্তত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

আজি তামুলপুৰ বিধানসভা সমষ্টিৰ পুনিয়া গাওঁত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে তামুলপুৰ মহকুমাৰ কেইবাস্থানতো পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ উপস্থিত থাকিব নোৱাৰিলে।

অনুষ্ঠানত ইউপিপিএল দলৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক নাথুৰাম বসুমতাৰী উপস্থিত থাকে।

পথৰ আধাৰশিলা স্থাপনৰ পিছত বিধায়ক ইমামুৱেল মোছাহাৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰদল ইউপিপিএলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।