হাজোত সুমন হৰিপ্ৰিয়াৰ প্ৰাৰ্থিত্বৰ পাৰ্শ্বক্ৰিয়া ! ভাঙি লণ্ড-ভণ্ড আধাৰশিলা

a amit

সমাগত বিধান সভা নিৰ্বাচনৰ পূৰ্বে হাজোত  সংঘটিত হৈছে ৰাজনৈতিক হিংসা ।

বিজেপিয়ে তৃতীয় খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ আগমুহূৰ্তত হাজোত বৰ্তমানৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই স্থাপন কৰা আধাৰশিলা কোনো এক চক্ৰই ভাঙি লণ্ড-ভণ্ড কৰাকলৈ এতিয়া সমষ্টিটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হাজোৰ বাৰাংহাটীত  নিশা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিধায়িকা সুমন হৰিপ্ৰিয়াৰ অনুদান প্ৰাপ্ত বিভিন্ন কামৰ আধাৰশিলাৰ ফলক।

উল্লেখ্য যে যোৱা নিশা একাংশ সংবাদ মাধ্যমত বিধায়িকা গৰাকীৰ প্ৰাৰ্থিত্ত্ব নিশ্চিত  বুলি প্ৰচাৰ হোৱাৰ পিছতে সংঘটিত হয় এই ঘটনা।

কোনে কি উদ্দেশ্যলৈ সুমন হৰিপ্ৰিয়াই স্থাপন কৰা আধাৰশিলা ভাঙিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বহুতে সন্দেহ কৰা অনুসৰি প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই কোনোৱাই হয়তো বিধায়িকাগৰাকীয়ে তেওঁৰ কাৰ্যকালৰ সময়ত স্থাপন কৰা আধাৰশিলা ভাঙি পেলাব পাৰে।