NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা বাল্য ভৱনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা তথা সমাজসেৱিকা কামিনী শৰ্মাৰ মৃত্যু

August 10, 2018 6:57 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটা ‘বাল্য ভৱন’ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, শিক্ষাবিদ তথা সমাজসেৱিকা কামিনী শৰ্মাই (৭২)  স্বাস্থ্যজনিত কাৰণত মাৰ্ঘেৰিটা জয়া নগৰস্থিত বাসগৃহত আজি শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে ১৯৯২ চনত মাৰ্ঘেৰিটা জয়া নগৰ অঞ্চলত ‘বাল্য ভৱন’ নামৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি মাৰ্ঘেৰিটা মহকুমাত শিক্ষাৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সৃষ্টি কৰা বৰ বাইদেউ বুলি জনাজাত শৰ্মাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ‌ পৰিছে।

মাৰ্ঘেৰিটা আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, মাৰ্ঘেৰিটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাকে ধৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে বিশেষে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত স্বামী দুই পুত্ৰ আৰু এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যোৱা কামিনী শৰ্মাৰ বিয়োগ মাৰ্ঘেৰিটা মহকুমাৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি স্থানীয় ৰাইজে মন্তব্য কৰে।

Related News