• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সেৱা কেন্দ্ৰত শুধৰণি প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ গৈ নাগৰিকৰ হাৰাশাস্তি

NE NOW NEWS
শিলচৰ , August 10, 2018 7:04 pm

2 min read

One lady returning empty handed from a NSK at Normal School in Silchar
73
VIEWS
Share on FacebookShare on Twitter

যি সকল নাগৰিকৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আৱেদন কৰোঁতে বংশ-বৃক্ষ আৰু তথ্যত বিসংগতি ওলাইছিল, সেই সকলে দাবী আৰু শুধৰণি প্ৰপত্ৰৰ বাবে পুনৰ ভীৰ কৰিছেহি। শেহতীয়াভাৱে শুধৰণি প্ৰপত্ৰ পূৰাবলৈ গৈ জনসাধাৰণৰ কষ্টই সহ্যৰ শেষ সীমালৈ অতিক্ৰম কৰি গৈছে। এনে কিয় হৈছে? আজিও বহুতো আৱেদনকাৰীয়ে প্ৰপত্ৰ লৈ নতুনকৈ পূৰাবলৈ পুৱাৰে পৰা ৰৈ ৰৈ অৱশেষত খালি হাতে ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্মচাৰীসকলে শুকুৰবাৰে ১১-০০ বজাত জনাইছিল যে তেওঁলোকে প্ৰপত্ৰ সংগ্ৰহ কৰাৰ বাবে পুনৰ ১৬ আগষ্টত আহিব লাগিব। এই মাহৰ ৭ তাৰিখে প্ৰপক্ষবোৰ ওভোতাই দি তেওঁলোকক ১০ তাৰিখ মানে আজি আহিবলৈ কৈ তেওঁলোকক পুনৰ ১৬ তাৰিখে আহিবলৈ কৈছে।

শিলচৰৰ নৰ্মাল স্কুলত থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰলৈ অহা এগৰাকী অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্টেইন সঞ্জয় ভগতে কৈছে, ‘‘মোৰ বয়স ৭০ বছৰ। আমাৰ বাবে এয়া এক প্ৰকাৰৰ আতিশয্য, কৰণ আমি বহু দূৰৰ পৰা আহিব লাগে। মই যে সিদিনাই মোৰ প্ৰশ্নৰ উত্তৰ পাম তাৰ কি নিশ্চয়তা আছে?

আন এগৰাকী ৭০ বছৰীয়া স্বপন দাসে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কাৰ্যালয়ৰ পৰা ওলাই আহোতে কৰ্মচাৰীসকলক ভোৰভোৰাই গালি শাপনি পাৰি ওলাই আহি গুছি গৈছিল। ‘‘এবাৰ ক’ব ৭ তাৰিখে আহিবলৈ, এবাৰ ক’ব ১০ তৰিখে আৰু এইবাৰ কৈছে ১৬ তাৰিখে আহিবলৈ। ইয়াৰ পাছত হয়োত বাংলাদেশলৈ যাবলৈ ক’ব।

আৱেদনকাৰীসকলৰ মাজত থকা ক্ৰোধৰ অনুমান কৰিব পৰা গৈছিল যদিও সমগ্ৰ দিনটোতেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কোনো এটা সেৱা কেন্দ্ৰতেই অবাঞ্চিত পৰিস্থিতি সংঘটিত হোৱা নাছিল। নৰ্থ ইষ্ট নাও উপস্থিত হোৱা প্ৰতিটো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰতেই নিৰাপত্তাৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছিল।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী সেৱা কেন্দ্ৰ বিষয়াই কৈছে, ‘‘আৱেদনকাৰীসকলৰ মনৰ অৱস্থা আমি বুজি পাইছো। আমি আৱেদনকাৰীসকলক বুজাবলৈ যথাসাধ্যে চেষ্টা কৰিছোঁ। আমি বুজি পাইছোঁ যে ইয়াতে মানুহ কিছু হাৰাশাস্তি হৈছে।’’

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd