NORTHEAST NOW (Assamese)

ছত্তীশগড়ৰ নক্সালবাদী আক্ৰমণত শ্বহীদ হ’ল অসমৰ বিপুল বৰাকে ধৰি চাৰিজন বি এছ এফৰ জোৱান

April 5, 2019 10:30 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰেট

বৃহস্পতিবাৰে ছত্তীশগড়ৰ কানকেৰ জিলাত বি এছ এফৰ সৈতে হোৱা নক্সালবাদীৰ সংঘৰ্ষত শ্বহীদ হয় অসমৰ বীৰ জোৱান বিপুল বৰা। শ্বহীদ বিপুল বৰাৰ ঘৰ শিৱসাগৰ জিলাৰ দিখৌমুখৰ ধনেখোৱাত। বি এছ এফৰ ১১৪ নং বেটেলিয়নৰ জোৱান আছিল বিশ বছৰ পূৰ্বে বি এছ এফত যোগদান কৰা বিপুল বৰা।

বৃহস্পতিবাৰে ছত্তীশগড়ৰ কানকেৰ জিলাত ১১৪ নং বি এছ এফৰ এটা দলে নক্সালবাদী অধ্যুষিত অঞ্চলত পহৰা দি থাকোতে দলটোৰ ওপৰত নক্সালবাদীয়ে আই ই ডি আৰু গোলা-বাৰুদেৰে আক্ৰমণ চলায় আৰু এই আক্ৰমণত বি এছ এফৰ পহৰাদাৰী দলটোৰ বিপুল বৰাকে ধৰি চাৰিজন জোৱান শ্বহীদ হোৱাৰ লগতে দুজন জোৱান আহত হয়।

ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে বি এছ এফৰ ওপৰত হোৱা নক্সালবাদী আক্ৰমণক গৰিহণা দি বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধা জনায় আৰু কঠোৰ হাতেৰে নক্সালবাদীক দমন কৰা হ’ব বুলি কয়।

উল্লেখযোগ্য যে, বিগত ফেব্ৰুৱাৰি মাহত কাশ্মীৰৰ পুলুৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত অসমৰ জোৱান মনেশ্বৰ বসুমতাৰীৰ লগতে ৪০ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল।

Related News