• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈ বিধানসভা সমষ্টিত জনপ্রিয়তা হেৰুৱাইছে বিজেপিয়ে : ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 5, 2019 10:15 am
ranjit-mangaldai-750x375

মঙলদৈৰ ধূলাত বৃহস্পতিবাৰে নিৰ্বাচনী সভাত ভাষণ দিছে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধূলাত বৃহস্পতিবাৰে বিয়লি এখন নিৰ্বাচনী সভাত দিয়া ভাষণত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নিজেই যোৱাটো বিধানসভাৰ নিৰ্বাচনৰ তুলনাত বৰ্তমান গেৰুৱা দলটোৱে যে জনপ্ৰিয়তা হেৰুৱাইছে সেয়া স্বীকাৰ কৰে।

মঙলদৈ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ সম্ভাৱনা সন্দৰ্ভত দলৰ এক প্ৰাক্ নিৰ্বাচনী সমীক্ষাৰ কথা উল্লেখ কৰি মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু আন দলীয় নেতাৰ সন্মুখতে ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁলোকৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ইয়াত প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ ২০,০০০ ভোটত আগবাঢ়ি আছে।

Apply Now

এইদৰে ৰাজ্যিক সভাপতিগৰাকীৰ ভাষ্যই প্ৰমান কৰে যে দলটোৰ যোৱা বিধানসভাৰ নিৰ্বাচনৰ তুলনাত ইয়াত জনপ্ৰিয়তা হ্ৰাস পাইছে কিয়নো সেইবাৰ গুৰুজ্যোতি দাসে তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীক ৫০,০০০ তকৈয়ো অধিক ভোটত পৰাজিত কৰি নিৰ্বাচিত হৈছিল।

ইয়াৰ পাছত সংবাদ মাধ্যমৰ আগত দাসে তেওঁৰ পূৰ্বৰ ভাষ্যক মান্যতা দিবলৈ গৈ কয় যে এয়া মাত্ৰ এক সমীক্ষাৰ ফলহে।‘’মই এক সমীক্ষাৰ বিষয়েহে উল্লেখ কৰিছিলো, ভোটগ্ৰহণৰ সময়ত ব্যৱধান ব্যাপক বৃদ্ধি পাব,’’-তেওঁ লগতে কয়। ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ সীমিত সংখ্যৰ ৰাইজৰ উপস্থিতিত ৰঞ্জিতে লগতে দাবী কৰে যে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে ৰাজ্যখনৰ ১৪ আসনতেই জয়লাভ কৰিব।

ডিফু লোকসভা আসনখনৰ কথা বিশেষভাৱে উল্লেখ কৰি তেওঁ ঘোষণা কৰে যে যদি ইয়াৰ প্ৰাৰ্থীজন পৰাজিত হয় তেতিয়াহ’লে তেওঁ চিৰদিনৰ বাবে ৰাজনীতি ত্যাগ কৰিব।

ইয়াৰ পূৰ্বে আন এটা কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোডীক ক্ষমতালৈ অনাৰ গুৰুত্ব সম্পৰ্কে ক’বলৈ গৈ দাসে কয়, ‘’ ভাৰতবৰ্ষত বিজেপিয়ে হৈছে একমাত্ৰ ৰাজনৈতিক দল যিয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোডীৰ দৰে দুগৰাকী দুখীয়া পৰিয়ালৰ সন্তানক প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু এয়েই হৈছে দেশৰ জনসাধাৰণৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাৰ প্ৰকৃত প্ৰতিফলন। সুদীৰ্ঘ দিন ধৰি দেশ শাসন কৰি অহা কংগ্ৰেছে প্ৰধান মন্ত্ৰী হিচাপে দুখীয়া পৰিয়ালৰ এজন লোকক নিৰ্বাচিত কৰাৰ কথা কল্পনাই কৰিব নোৱাৰে।‘’

ধুবুৰীৰ এআইয়ুডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক ধুবুৰীত এগৰাকী বেদখলকাৰী বুলি অভিহিত কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে ধুবুৰীৰ ৰাইজে এই নিৰ্বাচনত বেদখলকাৰীক উচ্ছেদ কৰিব।

উক্ত নিৰ্বাচনী সভাখনত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, বিজেপিৰ জিলা সভাপতি নিলীমা দেবী আৰু সম্পাদক শেৱালী গোস্বামী কলিতাও উপস্থিত থাকে।

তাৎপৰ্যপূৰ্ণভাৱে, অঞ্চলটোৰ কেইবাগৰাকীও ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে আনুষ্ঠানিকভাৱে গেৰুৱা দলটোৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে।

Tags: নিৰ্বাচন ২০১৯
ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd