ৰাখে হৰি মাৰে কোনে! আমাজনৰ জংঘলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিন পিছত জীৱন্তে উদ্ধাৰ ৪টা শিশু

ফটো: সংগ্ৰহীত।

আমাজনৰ গভীৰ অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল চাৰিটা শিশু। প্ৰায় ৪০টা দীঘলীয়া দিনৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হৈছে তেওঁলোকক। দুৰ্ঘটনাটোত তিনিজন প্ৰাপ্তবয়স্ক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। অলৌকিকভাৱে বাচি থকা চাৰিটা শিশুৰ ভিতৰত এটাৰ বয়স মাত্ৰ এবছৰ।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে স্থানীয় সময় অনুসৰি শুকুৰবাৰে দক্ষিণ কলম্বিয়াৰ ঘন জংঘলত শিশুকেইটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। পেট্ৰ’ই এটা টুইটযোগে কয়, ‘গোটেই দেশৰ বাবে এক আনন্দৰ মুহূৰ্ত! কলম্বিয়াৰ জংঘলত হেৰাই যোৱা চাৰিটা শিশুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।‘

লগতে পঢ়ক: ওড়িশাৰ নৃত্যানুষ্ঠানৰ মঞ্চতে হঠাৎ মৃত্যুক সাৱটিলে মালয়েছিয়াৰ ভাৰতনাট্যম গুৰু শ্ৰী গণেশনে

কলম্বিয়াৰ কাকেটা আৰু গুয়াভিয়া প্ৰদেশৰ সীমান্তৰ ওচৰত সৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইৰ ওচৰতে সেনাই ভাতৃ-ভগ্নীকেইটিক উদ্ধাৰ কৰে। চেছনা-২০৬ বিমানখনত ৭ জন যাত্ৰী আছিল। আমাজন প্ৰদেশৰ আৰাকুয়াৰা আৰু গুৱাভিয়াৰ প্ৰদেশৰ এখন চহৰ ছান জোছ ডেল গুয়াভিয়াৰৰ মাজৰ পথত আছিল বিমানখন। ১ মে’ৰ পুৱা ইঞ্জিন বিকল হোৱাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

এই দুৰ্ঘটনাত পাইলটকে ধৰি তিনিজন প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হয়। বিমানখনৰ ভিতৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়। কিন্তু ১৩, ৯ আৰু ৪ বছৰীয়া শিশুৰ লগতে আন এটি ১২ মহীয়া শিশুও দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। পিছত সিহঁত জংঘলত হেৰাই যায়।

শিশুকেইটাৰ ককাক নাৰ্চিজো মুকুটুই সাংবাদিকৰ আগত কয় যে তেওঁলোকক উদ্ধাৰৰ খবৰ পাই তেওঁ অতি আনন্দিত। তেওঁ কয়, ‘ইয়াৰী অৰণ্যত নিৰুদ্দেশ হোৱা মোৰ নাতি-নাতিনীৰ ককাক হিচাপে এই মুহূৰ্তত মই অতি সুখী।‘

লগতে পঢ়ক: আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে

উদ্ধাৰ হোৱা শিশুকেইটা হুইটতো সম্প্ৰদায়ৰ। বৰ্ষাৰণ্যত কেনেকৈ জীয়াই থাকিব পাৰি সেই বিষয়ে ডাঙৰ ভাত-ভগ্নীসকলৰ কিছু জ্ঞান আছিল বুলি বিষয়াসকলে জনায়। কলম্বিয়াৰ সেনাই প্ৰকাশ কৰা ছবিত জংঘলৰ মাজত চাৰিটা শিশুসহ সৈনিকৰ এটা দলক দেখা গৈছে।