হৰিনাম ধ্বনিৰে মুখৰিত নিমাইজান , শিল্প কলাই মুহিছে ৰাইজক

নাম-প্ৰসঙ্গ তথা ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে শিৱসাগৰৰ নিমাইজান। নিমাইজান নামঘৰত কালিৰে পৰা নিমাইজান যুৱ সমাজৰ উদ্যোগত তথা ৰাইজৰ সহযোগত চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অবিৰত শ্ৰীমদ্ভাগৱত পাঠ।

এই উপলক্ষে পুৱা মুখ্য তোৰণ উদ্বোধনৰ পিছতে ধৰ্মধ্বজা আৰু নামঘৰৰ পতাকা উত্তোলন কৰা হয়। ধৰ্মধ্বজা নৰেন্দ্ৰ নাথ বৰা, সোমনাথ দুৱৰী আৰু নামঘৰৰ পতাকা উত্তোলন কৰে ৰত্নেশ্বৰ কোঁৱৰে ।

আয়তীসকলৰ উৰুলি, ভকত বৈষ্ণৱে দবা, বৰ তাল বজাই তথা গাঁৱৰ ৰাইজে হৰিনাম গাই আৰম্ভ কৰে মূল কাৰ্যসূচী। অক্ষয় বন্তি প্ৰজ্বলন, গছপুলি ৰোপণৰ পিছতে ভাগৱত প্ৰতিষ্ঠা কাৰ্যসূচী সমাপন কৰে। ভাগৱত উদ্বোধন কৰে বিশিষ্ট বুৰঞ্জীবিদ ড° ক্ষীৰোদ গগৈয়ে ।

ইপিনে সন্ধিয়া ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হয়। লক্ষ্যণীয় যে নাম প্ৰসংগৰ সমান্তৰালকৈ নিমাইজান নামঘৰৰ চৌহদত ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰ প্ৰতিফলিত কৰি স্থাপন কৰা মুখা শিল্পই বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ধৰ্মপ্ৰাণ ৰাইজৰ। ইয়াৰ উপৰিও ভগৱান শিৱকে ধৰি বিভিন্ন দেৱ দেৱীৰ মুখা শিল্পয়ে সুন্দৰকৈ সজাই তোলা হৈছে নিমাইজান নামঘৰৰ চৌহদ।

আনহাতে ১২ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ভাওনাৰ শৰাই উচৰ্গা কৰা হ’ব। ইয়াৰ উপৰিও পুৱা দশম স্কন্ধ ভাগৱতৰ সাৰমৰ্ম আলোচনা কৰা হ’ব। ১২ ফেব্ৰুৱাৰীৰ নিশাই ” বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ ” শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰিব। ভাওনা উদ্বোধন কৰিব কমলা গগৈয়ে।

উল্লেখযোগ্য যে সমাজত আধ্যাত্মিক চিন্তা চেতনা বৃদ্ধি কৰা, শান্তি সম্প্ৰীতিৰ পৰিৱেশ অটুট ৰখাৰ মানসেৰে উক্ত কাৰ্যসূচী সমূহ গ্ৰহণ কৰা বুলি সদৰি কৰিছে উদ্যোগক্তা সকলে।