৪ দিন পাৰ হ’ল, সন্ধান নাই দিচাংমুখৰ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটা দুই যুৱতীৰ
যোৱা ১৬ ডিচেম্বৰত শিৱসাগৰৰ দিচাংমুখৰ অফলা ঘাটত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটা দুই যুৱতীৰ আজি ৪ দিন পাৰ হৈ যোৱাৰ পিছতো সন্ধান ওলোৱা নাই।
যুৱতীদুগৰাকীক বিচাৰি এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বেয়া বতৰৰ বাবে ১৭ জনীয়া এছ ডি আৰ এফৰ দলটো জিলা আৰক্ষী অধীক্ষক শুভলক্ষী দত্ত, শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জিত লহকৰ আৰু দিচাংমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত সোণোৱালৰ নেতৃত্বত ৩টা ভাগত ভাগ কৰি অভিযান চলাই থকা হৈছে।
অভিযানকাৰী দলকেইটাই এতিয়ালৈকে নিমাতিঘাট, জাঁজিমুখ, শালমৰা, শৰগুৰি চাপৰি, বনৰীয়া চাপৰি, কুমলিয়া চাপৰি, ৰূপহিমুখ আৰু দিখৌমুখ উদ্ধাৰ অভিযান চলাইছে।
উল্লেখযোগ্য যে দেওবাৰে পূজা সামগ্ৰী পেলাবলৈ আহি ব্ৰক্ষ্মপুত্ৰৰ গৰাৰ পৰা পিছল খাই পৰি সলিল সমাধি ঘটিছিল দিচাংমুখ অফলা গাঁৱৰ কালমন ছেত্ৰীৰ ১৭ বছৰীয়া কন্যা অঞ্জলি ছেত্ৰী আৰু দিচাংমুখত বিয়া খাবলৈ অহা ডুমডুমাৰ ফিল’বাৰীৰ আৰতি ছেত্ৰীৰ। দুয়োগৰাকী ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল।