পুনৰ গুগল মেপ অনুসৰণ কৰি গাড়ী চলোৱাৰ ফলত মৰ্মান্তিক পৰিণতিৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ৰাজস্থানৰ চিতোৰগড়ৰ খৰস্ৰোতা নদীৰ পানীয়ে এখন গাড়ী উটুৱাই লৈ যায়। নিমিষতে গাড়ীত থকা একেটা পৰিয়ালৰ চাৰিজন সদস্য পানীয়ে উটুৱাই লৈ যায়।
দুটা শিশুৰ উপৰিও মৃতকৰ তালিকাত আছে দুগৰাকী মহিলা। আন এটা শিশু সন্ধানহীন। গাড়ীখনত থকা পৰিয়ালটোৰ বাকী পাঁচজন সদস্যক কেনেবাকৈ উদ্ধাৰ কৰা হৈছে। যোৱা মঙলবাৰে সংঘটিত হৈছিল এই ঘটনা। অৱশ্যে শেহতীয়াকৈ পোহৰলৈ আহিছে ঘটনাতো।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰি ভীলৱাৰালৈ উভতি আহিছিল পৰিয়ালটো। গাড়ীখনে গুগল মেপ অনুসৰণ কৰি আছিল। চাওতে চাওতে গাড়ীখন গৈ কালভাৰ্টৰ ওচৰ পালেগৈ। সেই কালভাৰ্ট আৰু ছ’মি-উপ্ৰেদা দলঙত যাতায়ত নিষিদ্ধ কৰা ব’ৰ্ড গাড়ীখনৰ চালকে লক্ষ্য কৰা নাছিল। তেওঁ বানাস নদীৰ ওপৰৰ দলংখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছিল। তাতেই চৰম দুৰ্ঘটনাটো সংঘটিত হ’ল। গাড়ীখন দলঙত আবদ্ধ হৈ পৰিল। তাৰ কিছু সময়ৰ পাছত পানীয়ে উটুৱাই লৈ গ’ল।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, এজন লোকে গাড়ীৰ খিৰিকী ভাঙি নামি আহিছিল। প্ৰথমে আত্মীয় এজনক ফোন কৰি সকলো কথা ক’লে। আত্মীয়জনে আৰক্ষীক খবৰ দিয়ে।
তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। তাৰ পাছত নিশাৰ আন্ধাৰত আৰক্ষী আৰু স্থানীয় ৰাইজে নাও সংগ্ৰহ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। মোবাইল ফোনৰ পোহৰত উদ্ধাৰ অভিযান অব্যাহত থাকে। অৱশ্যে বৈ যোৱা নদীখন পাৰ হৈ সেই স্থানত উপস্থিত হ’বলৈ আৰক্ষীক কিছু সময় লাগে৷ তেতিয়ালৈকে দুগৰাকী মহিলা আৰু দুটা শিশু পানীত ডুব গৈছিল।
গুগল মেপ অনুসৰণ কৰি দুৰ্ঘটনাৰ সন্মুখীন হোৱা এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতেও এনে কৰুণ পৰিণতি ঘটিছে। ২০২৪ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ বাৰেলীত গুগল মেপ অনুসৰণ কৰি এখন গাড়ী দলঙৰ পৰা বাগৰি পৰিছিল। সেই ঘটনাতো তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল।