NORTHEAST NOW (Assamese)

ড্ৰাগছ, গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলোৱা ৪ লোকক আটক

May 30, 2019 7:53 am · এন ই নাও নিউজ
Updated: May 30, 2019 7:55 am

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত আজাৰা আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলে বিভিন্ন স্থানৰ পৰা ড্ৰাগছ, বৃহৎ পৰিমানৰ গাঞ্জাসহ চাৰিজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে আজাৰা আৰক্ষী আৰু বৰঝাৰ আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে চলোৱা যৌথ অভিযানত পৰাগমনি নাথ, বিকাশ মেধী, ৰহিম আলী (বৰপেটা) আৰু গাড়ীগাঁৱৰ নিবাসী ৰিজু আলীক আটক কৰিবলৈ সক্ষম হৈছিল।

ইফালে আটকাধীন চাৰিও জনকে বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে আজাৰা আৰক্ষীয়ে। লগতে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তৰ নিৰ্দেশত চলা এই অভিযান অনাগত দিনটো এনেদৰে চলি থাকিব বুলি জনায়।

Related News