মহানগৰীৰ মাজ মজিয়াত বনৰীয়া গাহৰিৰ সন্ত্ৰাস : চাৰিজন আহত

মহানগৰীৰ মাজ মজিয়াত ক’ৰ পৰা আহিল বন গাহৰি?

মহানগৰীৰ মাজ মজিয়াত থকা আমবাৰী অঞ্চলত এটা বন গাহৰিয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱতো বন গাহৰিয়ে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে।

বন গাহৰিটোৱে প্ৰথমে গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্মৰত ৰাজেন বাস্ফৰ নামৰ এজন কৰ্মচাৰীক আক্ৰমণ কৰি আহত কৰে।

গাহৰি আক্ৰমণৰ ঘটনা বন্দী হৈ ৰৈছে CCTV ত।

তাৰ পিছতে অসম পুৰাতত্ব বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে গাহৰিটোৱে। কাৰ্যালয়টোৰ কৰুণা বৰ্মণ নামৰ এগৰাকী কৰ্মচাৰীক গাহৰিটোৱে আক্ৰমণ কৰে।

পুৰাতত্ব বিভাগৰ কাৰ্যালয়ৰ পিছত অসম টেক্সটাইল ইনষ্টিটিউটত প্ৰৱেশ কৰে গাহৰিটো। প্ৰতিষ্ঠানটোত দুজন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। পুৰাতত্ব বিভাগৰ দুই কৰ্মচাৰী মকলেছ আলী আৰু কৰুনা বৰ্মন আহত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি, টেক্সটাইলত কৰ্মৰত কৰ্মচাৰী লক্ষী বড়োও গাহৰিৰ আক্ৰমণত আহত হৈছে।

গাহৰিৰ আক্ৰমণত আহত হৈছে মুঠ ৪ জনকৈ লোক।

আহত চাৰিজনৰ এজনক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে MMCH ত, দুজনক GMCH আৰু এজনক উইনট্ৰব হাস্পতালত ভৰ্তি কৰা হৈছে।

এই ঘটনাৰ পিছতে লতাশিল থানাৰ আৰক্ষীৰ লগতে নাৰেংগী বন বিষয়াৰ কাৰ্যালয়ৰ লোক উপস্থিত হয়হি ঘটনাস্থলীত। কিন্তু বৰ্তমানলৈকে গাহৰিটোক ধৰিব পৰা নাই।

জানিব পৰা মতে নাৰেঙ্গী বনাঞ্চল এলেকাৰ পৰা গাহৰিটো ওলাই আহি মহানগৰীৰ মাজ মজিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। কিছুদিন পূৰ্বে গাহৰিটোৱে চান্দমাৰী আৰু বামুণীমৈদামৰ ভিতৰুৱা অঞ্চলতো সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুলি জানিব পৰা গৈছে।

মহানগৰীৰ মাজ মজিয়াত হোৱা গাহৰিৰ আক্ৰমণক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।