NORTHEAST NOW (Assamese)

অনিশ্চয়তাত টীয়কৰ চাৰিলেনযুক্ত পথৰ নিৰ্মাণ; পুনৰ সলনি হৈছে পথ নিৰ্মাণকাৰী সংস্থা

May 7, 2021 1:23 pm · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

যোৰহাট বাইপাচৰ পৰা টীয়কৰ জাঁজীলৈকে পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ নৌহওতেই কাপোৰ সলোৱা দি সলনি হৈছে নিৰ্মাণকাৰী সংস্থা। ফলত স্থবিৰ হৈ পৰিছে নিৰ্মাণ কাৰ্য।

শেহতীয়াকৈ “লিংকন এণ্ড ডিগনিটি” নামৰ নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল যদিও সংস্থাটোৱে আধাতেই কাম এৰি আঁতৰি যোৱাত স্তব্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য। ক’ৰবাত যদি ৰাজপথৰ মাজত আধা বনোৱা পুল, দলং, ক’ৰবাত আকৌ উন্মুক্ত ড্ৰেইন।

ইপিনে ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণ সংস্থাই নামানে আনকি মুখ্যমন্ত্ৰীৰো নিৰ্দেশ। দুবছৰ পুৰ্বেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টীয়কৰ ঘাইপথছোৱাৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছিল ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ তদাৰকী সংস্থা এন এইচ আই ডি চি এলক।

কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাই গা লৰাব নোৱাৰিলে সংশ্লিষ্ট সংস্থাটোক। আজিও  ৫০ শতাংশ কমো সম্পূৰ্ণ হৈ নুঠিল।

ইতিমধ্যে এই সংস্থাটোৱে দলং নিৰ্মাণৰ বাবে কাকজান, টীয়ক, মুদৈজান আদি নদীৰ ওপৰত যি নিৰ্মাণকাৰ্য চলাইছিল তাৰফলত এই নদী সমূহৰ পানীৰ গতিপথ সলনি কৰা হৈছিল।

কিন্তু আজি অৰ্ধনিৰ্মিত হৈ থকা এই নিৰ্মাণ কাৰ্যই অনাগত বাৰিষাৰ বতৰত যে স্থানীয় ৰাইজৰ বাবে বিভীষিকা কঢ়িয়াব সেইটো নিশ্চিত।

Related News