শিৱসাগৰত চাৰি বাঁওদলৰ পেলেষ্টাইনৰ প্ৰতি সংহতি প্ৰকাশ

ইজৰাইলৰ দ্বাৰা পেলেষ্টাইনৰ ওপৰত চলাই থকা যুদ্ধৰ আজি ৭ অক্টোবৰ তাৰিখে এবছৰ সম্পূৰ্ণ হৈছে ৷ এই অমানৱীয় তথা নাৰকীয় যুদ্ধ অৱসানৰ দাবীত দেশৰ চাৰিটা বাওঁদলে আজি সমগ্ৰ দেশজুৰি এই সংহতি দিৱস পালন কৰে । ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ নগৰত চি পি আইৰ কৰ্মকৰ্তাই এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷

বিক্ষোভস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে পেলেষ্টাইনৰ ওপৰত ইজৰাইলে চলাই থকা যুদ্ধ তৎকালে বন্ধৰ কৰিবলৈ দাবী জনায় ৷ ইজৰাইলৰ তৰফৰ পৰা যিদৰে চিকিৎসালয়, স্কুল কলেজ, মছজিদ গীৰ্জা আদিত নিৰ্মম ধংবসলীলা চলাই শিশু মহিলা ছাত্ৰছাত্ৰী ওপৰত অমানৱীয় হত্যাকাণ্ড ঘটাইছে ইয়াক শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়৷

চি পি আইয়ে কোনো দিনে যুদ্ধ নিবিচাৰে৷ বিশ্বত সদায় শান্তি প্ৰতিষ্ঠা পক্ষত চি পি আছে বুলি দাবী জনায় ৷ এই যুদ্ধৰ ফলত প্ৰায় ৫০ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু  প্ৰায় ৩ মিলিয়ন পেলেষ্টাইনী নাগৰিকে নিৰাপত্তা বিচাৰি ইজিপ্ত, লেবাননকে ধৰি চুবুৰীয়া দেশলৈ পলাই যাবলৈ বাধ্য হৈছে। কনক গগৈয়ে পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে বৰ্তি থাকিবলৈ দিব লাগে বুলি কয় ৷

কনক গগৈয়ে এই যুদ্ধত ভাৰত চৰকাৰক ইজৰাইলৰ পক্ষে যুদ্ধাস্ত্ৰ যোগান ধৰা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধক অৱসান বিচাৰি আহ্বান জনোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুতলীয়া কাণ্ডক ধিক্কাৰ দিয়ে ৷

জিলা সম্পাদক মণি বুঢ়াগোহাঁইয়ে আঁত ধৰা বিক্ষোভস্থলিত শ্ৰমিক নেতা মদন বৰুৱা, প্ৰণৱ চেতিয়া, ইনামূল হক, বাখৱ বৰুৱা , কৃষক নেতা কুশল বৰগোহাঁই, প্ৰাক্তন কৃষক নেতা যোগেশ বুঢ়াগোহাঁই, মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈসহ ভালেসংখ্যক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷