NORTHEAST NOW (Assamese)

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৮৩০লৈ বৃদ্ধি

October 13, 2020 10:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত মঙলবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ ৰাতুল বৰা (৫০), শিৱসাগৰৰ সৰুমাই বেগম (৫৫), কামৰূপ মহানগৰৰ বিনোদ কুমাৰ আগৰৱালা (৬১) আৰু যোৰহাটৰ হীৰেন লেখাৰু (৬৯)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৮২৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৬৬,০৩৬গৰাকী ব্যক্তিয়ে সোমবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,৪৩৯ (।)

অসমত সোমবাৰলৈকে ১,৯৫,৩০৪গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News